ISHAN NEWS – Always One Step Ahead of Time…

A Strange Story : ৪৮ বছৰ লাগিল চাকৰিৰ আবেদনৰ উত্তৰ আহিবলৈ ! ক’ত এই ঘটনা ?

0 431

নিউজ ডেস্ক, ৮ অক্টোবৰঃ চাকৰি এটাৰ বাবে অবেদন কৰি কিমানদিন অপেক্ষা কৰি পাইছে আপুনি? কিমান বছৰ? কৰ্তৃপক্ষৰ পৰা ইতিবাচক, নেতিবাচক কিবা এটা সঁহাৰি আহিব আহিব বুলি ৰৈ থকাটো এক ধৈৰ্য পৰীক্ষা ৷ কিন্তু আপুনি হয়তো ভাবিবও নোৱাৰিব যে প্ৰায় পাঁচটা দশকৰ পিচতো আহিব পাৰে এই সঁহাৰি ৷
এগৰাকী ৭০ বছৰীয়া মহিলাৰ ক্ষেত্ৰত এই আচৰিত ঘটনাটোৱেই সংঘটিত হ’ল ৷ কেৰিয়াৰ আৰম্ভ কৰিবলৈ বিচৰা সময়তে মহিলাগৰাকীয়ে চাকৰিৰ বাবে আবেদনপত্ৰ প্ৰেৰণ কৰিছিল (Dream Job) । সেয়া আছিল ১৯৭৬ চনৰ জানুৱাৰী মাহৰ কথা । ডাকঘৰযোগে প্ৰেৰণ কৰা হৈছিল আবেদনপত্ৰখন । কিন্তু কৰ্তৃপক্ষৰ পৰা সঁহাৰি আহিব আহিব বুলি মাহৰ পিচত মাহ, বছৰৰ পিচত বছৰ ৰৈ থাকিল মহিলাগৰাকী । কিন্তু নাই!সপোনৰ চাকৰিটোলৈ ৰৈ থাকোতেই পাৰ হৈ গল বহুকেইটা বছৰ । অৱশেষত অন্তত সেই আবেদনপত্ৰখন ওলাল ডাকঘৰৰ ড্ৰয়াৰত (Longest Job Appliction Wait)। প্ৰায় পাঁচটা দশকৰ পিচত মহিলাগৰাকীয়ে লাভ কৰিলে কেৰিয়াৰ গঢ়া বয়সতে প্ৰেৰণ কৰা কৰা আবেদনপত্ৰখনৰ । উল্লেখ্য যে মহিলাগৰাকীৰ নাম টিজি হডছন আৰু তেওঁ প্ৰাক্তন ষ্টাণ্ট লেডী ।

বিবিচিৰ বাতৰি অনুসৰি ব্ৰিটেইনৰ মহিলাগৰাকীয়ে কয়, ‘‘মই সদায় ভাবি আছিলোঁ যে কিয় চাকৰিটোৰ একো উত্তৰ পোৱা নাই ! এতিয়াহে জানিব পাৰিছোঁ ৷ প্ৰতিদিনে মই মোৰ বাবে পোষ্ট আহিব বুলি আশা কৰি আছিলোঁ, কিন্তু নাছিল ৷ মই ইমানেই হতাশ হ’লো যে সেই চাকৰিৰ আশা বাদ দি মই ষ্টাণ্ট ৰাইডাৰ হ’বলৈ মন কৰিলোঁ ৷’’ হডছনে কয় যে মহিলাই তেনে চাকৰি লাভ কৰাটো ইমান সহজ নাছিল, সেয়ে তেওঁ নিজৰ আবেদনত লিংগৰ বিষয়েও লিখা নাছিল, যাতে নিযুক্তিদাতাসকলে তেওঁক সাক্ষাৎকাৰৰ বাবে মাতি নিয়ে (Career Start) ৷

অধিক বা-বাতৰিৰ বাবে সংযুক্ত হৈ থাকক ঈশান নিউজৰ সৈতে

Leave A Reply

Your email address will not be published.