Crown gifted by PM Modi : চোৰে লৈ গ’ল প্ৰধানমন্ত্ৰী মোদীয়ে দিয়া উপহাৰ
নিউজ ডেস্ক, ১১ অক্টোবৰঃ চোৰে লৈ গ’ল বাংলাদেশৰ মন্দিৰত প্ৰধানমন্ত্ৰী মোদীয়ে দিয়া উপহাৰ । বৃহস্পতিবাৰে দেশখনৰ যশোৰেশ্বৰী মন্দিৰত চলিল চোৰৰ অভিযান । সেই অভিযানতে চোৰে উঠাই লৈ গ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উপহাৰ হিচাবে দিয়া কালী দেৱীৰ সোণৰ মুকুট । ২০২১ চনৰ মাৰ্চত বাংলাদেশ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে যশোৰেশ্বৰী কালি মন্দিৰলৈ উপহাৰ হিচাবে দিছিল সোণৰ মুকুটটো ।
উল্লেখ্য যে আন দিনাৰ দৰে বৃহস্পতিবাৰেও মন্দিৰটোৰ পুৰোহিতে পূজা-পাতল কৰিছিল । তেতিয়ালৈকে কালী দেৱীৰ মূৰ্তিত আছিল সোণৰ মুকুটটো । কিন্তু তাৰ পিচতে হঠাৎ নাইকিয়া হ’ল প্ৰধানমন্ত্ৰীৰ মোদীয়ে ব্যক্তিগতভাৱে দিয়া মূল্যৱান উপহাৰটো । মুকুটটো চুৰি হোৱাৰ সন্দৰ্ভত অৱগত হয় মন্দিৰটোৰ চাফাই কৰ্মীসকল ।
এই সন্দৰ্ভত বাংলাদেশৰ ভাৰতীয় উচ্চ আয়োগে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে । এক্সত ভাৰতীয় উচ্চ আয়োগে লিখিছে, “২০২১ চনত বাংলাদেশ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে যশোৰেশ্বৰী কালি মন্দিৰ (সাতখিৰা) লৈ উপহাৰ দিয়া মুকুটটো চুৰি হোৱাৰ খবৰ লাভ কৰিছোঁ । আমি গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে বাংলাদেশ চৰকাৰক আহ্বান জনাইছোঁ যে এই চুৰিকাণ্ডৰ তদন্ত কৰক । মুকুটটো উদ্ধাৰ কৰক আৰু অপৰাধীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক ।”
উল্লেখ্য যে যশোৰেশ্বৰী মন্দিৰ হৈছে ভাৰত আৰু ইয়াৰ চুবুৰীয়া দেশত সিঁচৰতি হৈ থকা ৫১খন শক্তিপীঠৰ ভিতৰত অন্যতম ।
অধিক বা-বাতৰিৰ বাবে সংযুক্ত হৈ থাকক ঈশান নিউজৰ সৈতে