ISHAN NEWS – Always One Step Ahead of Time…

Tata Trusts Chairman : নোৱেল টাটাক টাটা ট্ৰাষ্টৰ নতুন অধ্যক্ষ হিচাবে নিযুক্তি

0 135

নিউজ ডেস্ক, ১১ অক্টোবৰঃ ছাৰ ৰতন টাটা ট্ৰাষ্টৰ ষষ্ঠ অধ্যক্ষ হিচাবে নিযুক্ত দিয়া হৈছে নোৱেল টাটাক । আনহাতে নোৱেল টাটা হল ছাৰ ডোৰাবজী টাটা ট্ৰাষ্টৰ ১১ সংখ্যক অধ্যক্ষ । শুকুৰবাৰে এই নিযুক্তি প্ৰদান কৰা হয় সদ্যপ্ৰয়াত ৰতন টাটাৰ ৬৭ বছৰীয়া ভাতৃগৰাকীক ।

উল্লেখযোগ্য যে টাটা ব্ৰেণ্ডৰ অধীনত থকা বহুকেইটা প্ৰতিষ্ঠানৰ হোল্ডিং কোম্পানীত ৬৬ শতাংশ অংশীদাৰিত্ব আছে নোৱেল টাটাৰ । ১৫০ বছৰীয়া উত্তৰাধিকাৰীসূত্ৰে নোৱেল টাটাক টাটা ট্ৰাষ্টৰ নতুন অধ্যক্ষ হিচাবে নিযুক্তি প্ৰদান কৰাটো উল্লেখযোগ্য হিচাবে বিবেচিত হৈছে । তদুপৰি টাটা ইণ্টাৰনেশ্যনেল লিমিটেডৰ অধ্যক্ষ তথা কাৰ্যবাহী সঞ্চালক হিচাবে নোৱেল টাটাই চাৰি দশক ধৰি টাটা গ্ৰুপৰ সৈতে কাম কৰি আহিছে ।

লগতে পঢ়কঃ বিদায় মোৰ বন্ধু…, অভিনেত্ৰী ছিমি গেৰেৱালৰ বিশেষ পোষ্ট

এইপৰ্যন্ত নোৱেল টাটা ট্ৰাষ্টটোৰ ট্ৰেণ্ট, ভল্টাছ আৰু টাটা ইনভেষ্টমেণ্ট কৰ্পৰেশ্যনৰ অধ্যক্ষকে ধৰি কেবাটাও গুৰুত্বপূৰ্ণ পদবীত আছে । তদুপৰি টাটা ষ্টীল এণ্ড টাইটান কোম্পানী লিমিটেডৰ ভাইচ চেয়াৰমেন হিচাপেও কৰ্মৰত হৈ আছে নোৱেল টাটা । নোৱেল টাটাই ২০১৪ চনৰ পৰা টাটা গ্ৰুপৰ পোছাক বিক্ৰেতা কোম্পানীৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে ।

উল্লেখ্য যে জামছেটজী টাটাই ১৮৯২ চনত টাটা গ্ৰুপত ভেটি স্থাপন কৰিছিল । তাৰ কিছু বছৰৰ পিচত অৰ্থাৎ ১৯১৯ চনত ৰতন টাটা ট্ৰাষ্টৰ প্ৰতিষ্ঠা কৰা হৈছিল ।

অধিক বা-বাতৰিৰ বাবে সংযুক্ত হৈ থাকক ঈশান নিউজৰ সৈতে

Leave A Reply

Your email address will not be published.