ISHAN NEWS – Always One Step Ahead of Time…

কন্যাৰ বাবে পতা জালত নিজেই ভৰি দিলে মাতৃয়ে

0 1,978

নিউজ ডেস্ক, ১২ অক্টোবৰঃ নিজ কন্যাক হত্যাৰ বাবে মাতৃ কাষ চাপিল ছুপাৰি কিলাৰৰ । কন্যা প্ৰেমৰ সম্পৰ্কত থকাৰ বাবেই মাতৃয়ে গ্ৰহণ কৰিছিল এই কঠোৰ সিদ্ধান্ত । কিন্তু ঘটনাই অন্য মোৰ লৈ হত্যাৰ বলি হ’ল মাতৃগৰাকীৰহে ।
ঘটনা অনুসৰি ১৭ বছৰীয়া কন্যাগৰাকীৰ আছিল এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক । কন্যাৰ সম্পৰ্কক লৈ সুখী নাছিল মাতৃগৰাকী । বহু বুজায়ো সম্পৰ্কৰ পৰা আঁতৰাই আনিব নোৱাৰিলে কন্যাক । ফলত অতিষ্ঠ হৈ হত্যা কৰাৰ পৰিকল্পনা কৰিলে । ইয়াৰ বাবে কাষ চাপিল ছুপাৰি কিলাৰৰ ।
যিগৰাকী কিলাৰৰ কাষ চাপিল সেই যুৱকজন কিছুদিন পূৰ্বে ধৰ্ষণৰ গোচৰত কাৰাবাস খাটি মুকলি আকাশৰ তললৈ আহিছিল । কন্যাক হত্যাৰ বাবে মাতৃগৰাকীয়ে যুৱকজনৰ লগত চুক্তি কৰিল ৫০ হাজাৰ টকাৰ । কিন্তু ইয়াৰ পিচতে ঘটনাই ল’লে অন্য মোৰ ।
খবৰ লৈ যুৱকজনে জানিব পাৰিলে যে যিগৰাকী যুৱতীক মাতৃগৰাকী হত্যাৰ পৰিকল্পনা কৰিছে, তেওঁ যুৱকজনৰে প্ৰেয়সী । লগেলগে যুৱকজনে কথা পাতিলে প্ৰেয়সী তথা মাতৃয়ে হত্যাৰ পৰিকল্পনা কৰা যুৱতীগৰাকীৰ লগত । জনালে সবিশেষ । যুৱতীগৰাকীয়ে প্ৰমিক তথা ছুপাৰি কিলাৰজনক বিয়াৰ প্ৰতিশ্ৰুত প্ৰদান কৰিলে এক চৰ্তত । সেই চৰ্তটো হ’ল যে যুৱকজনে হত্যা কৰিব লাগিব যুৱতীগৰাকীৰ ৪২ বছৰীয়া মাতৃক ।
সেই অনুসৰি আগবাঢ়িল আন এক পৰিকল্পনা । যুৱকজনে মাতৃগৰাকীক জনালে যে তেওঁ ইতিমধ্যে কন্যাক হত্যা কৰিছে । প্ৰমাণ হিচাবে ভুৱা ফটোও প্ৰেৰণ কৰিল মাতৃগৰাকীলৈ । ইয়াৰ পিচতে চুক্তিৰ ধন লোৱাৰ বাবে আগ্ৰালৈ মাতি পঠিয়ালে মাতৃগৰাকীক ।
চুক্তিৰ ধন দিয়াৰ বাবে আগ্ৰাত মাতৃগৰাকী উপস্থিত হোৱাৰ সময়ত যুৱকজনৰ লগত উপস্থিত থাকিল কন্যাগৰাকীও । লগেলগে সমগ্ৰ নাটক পোহৰলৈ আহিল । কন্যা আৰু তেওঁৰ প্ৰেমিকা মিলি ডিঙি চেপি হত্যা কৰিল মাতৃগৰাকীক ।
এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত । ৰাজ্যখনৰ ইটাহ জিলাত সংঘটিত হোৱা এই ঘটনাৰ পিচত ৬ অক্টোবৰত বাজৰাৰ পথাৰত উদ্ধাৰ কৰা হয় মহিলাগৰাকীৰ মৃতদেহ ।

Leave A Reply

Your email address will not be published.