ইতিহাসৰ সৰ্ববৃহৎ ৰকেট উৎক্ষেপণ ইলন মাস্কৰ, সুকলমে ঘূৰিও আহিল পৃথিৱীলৈ
নিউজ ডেস্ক, ১৩ অক্টোবৰঃ পুনৰ ইতিহাস ৰচনা কৰিলে স্পেছ এক্সৰ স্বত্বাধিকাৰী ইলন মাস্কে ।
দেওবাৰে ইলন মাস্কৰ স্পেছ এক্সে সফলতাৰে উৎক্ষেপণ কৰিলে এতিয়ালৈকে নিৰ্মিত সৰ্ববৃহৎ তথা আটাইতকৈ শক্তিশালী ৰকেট । ইয়াৰ পিচত প্ৰথমবাৰৰ বাবে পৃথিৱীলৈ উভতাই আনিবলৈ সক্ষম হ’ল ৰকেট বুষ্টাৰ ।
দেওবাৰে মেগা ষ্টাৰশ্বিপ ৰকেটখনৰ জৰিয়তে এই সফলতা লাভ কৰে স্পেছ এক্সে । উল্লেখ্য যে মেগা ষ্টাৰশ্বিপ ৰকেটখন উচ্চতা প্ৰায় ৪০০ ফুট ।
স্পেছ এক্সে কৰা এইটোৱেই আছিল আটাইতকৈ দুঃসাহসিকৰ লগতে আটাইতকৈ সফল পৰীক্ষা । ইয়াৰ পূৰ্বে ২০২৪ চনৰ জুন মাহত স্পেচ এক্সে কোনো বিস্ফোৰণ নোহোৱাকৈয়ে ৰকেট উৎক্ষেপণ কৰিছিল । দেওবাৰে উৎক্ষেপণ কৰা মেগা ষ্টাৰশ্বিপ ৰকেটখনত আছে ৩৩টা মিথেন ইন্ধন ইঞ্জিন ।
ইফালে স্পেছ এক্সৰ পৰা নাছাই বিচাৰিছে দুখন ষ্টাৰশ্বিপ, যাৰ জৰিয়তে চন্দ্ৰত মহাকাশচাৰী অৱতৰণ কৰিব পাৰিব । আনহাতে স্পেচ এক্সে ষ্টাৰশ্বিপ ব্যৱহাৰ কৰি চন্দ্ৰ আৰু মংগল গ্ৰহলৈ মানুহৰ লগতে সামগ্ৰী প্ৰেৰণ কৰাৰো পৰিকল্পনা কৰিছে ।
ইতিহাসৰ সৰ্বোচ্চ এই ষ্টাৰশ্বিপ ৰকেট প্ৰায় ১৫০ মেট্ৰিক টন ওজন কঢ়িয়াব পাৰে । য’ত আছে ৩৩টা ৰেপ্টৰ ইঞ্জিন । এই ৰকেটৰ গতিবেগ প্ৰতি ঘণ্টাত প্ৰায় ২৭,০০০ কিলোমিটাৰ ।
অধিক বা-বাতৰিৰ বাবে সংযুক্ত হৈ থাকক ঈশান নিউজৰ সৈতে