ISHAN NEWS – Always One Step Ahead of Time…

ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম ৫জি বজাৰঃ প্ৰধানমন্ত্ৰী মোডী

0 327

নিউজ ডেস্ক, ১৫ অক্টোবৰঃ মঙলবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুভাৰম্ভ কৰিলে ইণ্ডিয়া মোবাইল কংগ্ৰেছ-২০২৪ৰ অষ্টম সংস্কৰণ । অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ৫জি বজাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে ।

টেলিকমিউনিকেশ্যন খণ্ডত ভাৰতৰ আকৰ্ষণীয় অগ্ৰগতি প্ৰদৰ্শন কৰা বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । তদুপৰি তেওঁ কয় যে ভাৰত এতিয়া ৬জি বিকাশৰ দিশে আগবাঢ়িছে । উল্লেখ্য যে মঙবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশ্ব টেলিকমিউনিকেশ্যন ষ্টেণ্ডাৰ্ডাইজেস্যন এছেম্বলীৰ সদস্যসকলৰ সন্মুখত ভাষণ প্ৰদান কৰে ।

সুলভ মূল্যৰ ইণ্টাৰনেট ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰত আগবাঢ়ি আছে বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে । ভাৰতত ডাটা খৰচ আচৰিতধৰণে কম বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে । ভাৰতৰ তুলনাত আন বহু দেশত একে ডাটা ব্যৱহাৰৰ বাবে ১০ বা ১২ গুণ পৰ্যন্ত বেছি খৰচ হয় বুলি নৰেন্দ্ৰ মোডীয়ে মন্তব্য কৰে ।

প্ৰধানমন্ত্ৰী মোডীয়ে সদৰী কৰে যে ভাৰতত ২০১৪ চনত মাত্ৰ দুটা মোবাইল ফোন নিৰ্মাণকাৰী ইউনিট আছিল । কিন্তু এতিয়া ২০০ৰো অধিক হৈছে । ফলত এটা দশকৰ পূৰ্বতকৈ ছয়গুণ বেছি স্মাৰ্টফোনৰ উৎপাদন হৈছে বুলি সদৰী কৰে প্ৰধানমন্ত্ৰী মো়ডীয়ে । ইয়াৰ ফলত কেৱল মোবাইল ডিভাইচসমূহ অধিক সুলভ হোৱাই নহয়, ডাটা ব্যৱহাৰো বৃদ্ধি পোৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয়সকলে এতিয়া প্ৰতিমাহে গড়ে ৩০ জিবি ডাটা ব্যৱহাৰ কৰে ।

অধিক বা-বাতৰিৰ বাবে সংযুক্ত হৈ থাকক ঈশান নিউজৰ সৈতে

Leave A Reply

Your email address will not be published.