ড্ৰাগছ সৰবৰাহ কৰি নেপালত গ্ৰেপ্তাৰ দুই ভাৰতীয়
নিউজ ডেস্ক, ১৫ অক্টোবৰঃ নেপাল আৰক্ষীৰ জালত পৰিছে দুগৰাকী ভাৰতীয় । ড্ৰাগছ সৰবৰাহৰ লগত জড়িতৰ অপৰাধত নেপাল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ভাৰতীয় দুগৰাকীক ।
আৰক্ষীয়ে জনোৱা অনুসৰি সোমবাৰে নেপালৰ ঝাপা জিলাৰ ভদ্ৰপুৰৰ এখন হোটেলৰ পৰা ১৮ বছৰীয়া পুত্ৰৰ সৈতে বিহাৰৰ কিশনগঞ্জৰ জামকোদ খান (৩৮) নামৰ এজন লোকজনক গ্ৰেপ্তাৰ কৰা হৈছে । পিতৃ-পুত্ৰৰ পৰা আৰক্ষীয়ে ৫২ গ্ৰাম আৰু ২৯০ মিলিগ্ৰাম ব্ৰাউন ছুগাৰ জব্দ কৰা বুলি জানিব পৰা গৈছে ।
অধিক বা-বাতৰিৰ বাবে সংযুক্ত হৈ থাকক ঈশান নিউজৰ সৈতে