ISHAN NEWS – Always One Step Ahead of Time…

তীব্ৰগতিৰে আহি আছে ঘূৰ্ণীবতাহ ডানা

0 2,067

নিউজ ডেস্ক, ২০ অক্টোবৰঃ মধ্য আন্দামান সাগৰৰ ওপৰেৰে আহি আছে ঘূৰ্ণীবতাহ ডানা (Cyclone Dana)। ২৩ অক্টোবৰৰ ভিতৰত তীব্ৰতৰ হ’ব ডানাৰ গতিবেগ । ২৪ অক্টোবৰৰ পুৱা উত্তৰ-পশ্চিম উপসাগৰ, ওড়িশা আৰি পশ্চিম বংগৰ উপকূল অঞ্চলত ডানাই স্পৰ্শ কৰাৰ সম্ভাৱনা আছে বুলি জনাইছে বতৰ বিজ্ঞান বিভাগে ।

শনিবাৰে এই সাগৰীয় ঘূণীবতাহ মধ্য আন্দামান সাগৰৰ ওপৰেৰে আহি দেওবাৰে পুৱা স্পৰ্শ কৰে উত্তৰ আন্দামান সাগৰ । সম্প্ৰতি উক্ত অঞ্চলত অব্যাহত আছে ডানাৰ প্ৰকোপ । আগন্তুৰ ২৪ ঘণ্টাৰ ভিতৰত বংগৰ পূবমধ্য উপসাগৰ আৰু ইয়াৰ কাষৰীয়া উত্তৰ আন্দামান সাগৰৰ ওপৰত নিম্ন চাপৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে বুলি জনাইছে ভাৰতীয় বতৰ বি়জ্ঞান কেন্দ্ৰই ।

এই ঘূৰ্ণীবতাহ পশ্চিম-উত্তৰ-পশ্চিম দিশলৈ গতি কৰি ২৩ অক্টোবৰত বংগৰ ইষ্টচেণ্ট্ৰেল উপসাগৰৰ ওপৰত ধুমুহাৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে । ২৪ অক্টোবৰ পুৱা উত্তৰ-পশ্চিম দিশলৈ গৈ ওড়িশা আৰি পশ্চিমবংগত প্ৰৱেশ কৰাৰ সম্ভাৱনাৰ কথা বতৰ বি়জ্ঞান কেন্দ্ৰই ব্যক্ত কৰিছে ।

বংগৰ মধ্য উপসাগৰৰ ওপৰত ঘণ্টাত ৩৫ৰ পৰা ৪৫ কিলোমিটাৰ বেগেৰে আহি ৫৫ কিলোমিটাৰ গতিবেগলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । ২৩ অক্টোবৰৰ পৰা উপকূলীয় অঞ্চলত বৰষুণ হোৱাৰ সম্ভাৱনা আছে । ২৪ আৰু ২৫ অক্টোবৰত বৰষুণৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।

অধিক বা-বাতৰিৰ বাবে সংযুক্ত হৈ থাকক ঈশান নিউজৰ সৈতে

Leave A Reply

Your email address will not be published.