অক্টোবৰ মাহত সংগ্ৰহ ১.৮৭ লাখ কোটি টকা জি এছ টি
নিউজ ডেস্ক, ১ নৱেম্বৰ : ৮.৯ শতাংশ বৃদ্ধি পাই অক্টোবৰ মাহত সামগ্ৰী আৰু সেৱা কৰ সংগ্ৰহ (GST collections) কৰা হ’ল ১.৮৭ লাখ কোটি টকা । এই তথ্য প্ৰকাশ কৰিছে বিত্ত মন্ত্ৰণালয়ে (Finance ministry)। তথ্য অনুসৰি ২০২৩ বৰ্ষৰ অক্টোবৰ মাহত মুঠ জি এছ টি সংগ্ৰহৰ পৰিমাণ আছিল ১.৭২ লাখ কোটি টকা । ইয়াত অন্তৰ্ভুক্ত হৈ আছে CGST, SGST, IGST আৰু cess সকলো বছৰি বছৰি বৃদ্ধি পোৱাৰ তথ্য লাভ কৰা গৈছে ।
ইফালে চলিত বৰ্ষত এইপৰ্যন্ত মুঠ জি এছ টি সংগ্ৰহ ৯.৪ শতাংশ বৃদ্ধি পাই ১২.৭৪ লাখ কোটি টকা হৈছে । ইয়াৰ বিপৰীতে ২০২৩ বৰ্ষত সংশ্লিষ্ট সময়ছোৱাত ১১.৬৪ লাখ কোটি টকা আছিল জি এছ টি সংগ্ৰহ । ২০২৩-২৪ বিত্তীয় বৰ্ষত সৰ্বমুঠ জি এছ টি সংগ্ৰহ আছিল ২০.১৮ লাখ কোটি টকা । সেই অনুসৰি পূৰ্বৰ বিত্তীয় বৰ্ষৰ তুলনাত ১১.৭ শতাংশ বৃদ্ধি পাইছে চলিত বৰ্ষৰ জি এছ টি সংগ্ৰহ ।
২০২৪ চনৰ মাৰ্চ মাহত সমাপ্ত হোৱা বিত্তীয় বৰ্ষৰ গড় মাহিলী সংগ্ৰহ আছিল ১.৬৮ লাখ কোটি টকা । বিপৰীতে পূৰ্বৰ বছৰৰ গড় সংগ্ৰহ আছিল ১.৫ লাখ কোটি টকা । শেহতীয়াকৈ জি এছ টি সংগ্ৰহৰ উত্থানে ভাৰতৰ অৰ্থনীতিৰ বাবে এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে । এই পৰিসংখ্যাই দেশৰ বিত্তীয় অৱস্থা তথা অৰ্থনৈতিক অৱস্থা পুনৰুদ্ধাৰৰ বাবে এক ইতিবাচক খবৰ ।
উল্লেখ্য যে ২০১৭ চনৰ ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ দেশত সামগ্ৰী আৰু সেৱা কৰ প্ৰৱৰ্তন কৰা হৈছিল ।