ISHAN NEWS – Always One Step Ahead of Time…

৯০ মিনিট স্তব্ধ হৈ থাকিল হৃদপিণ্ড, তাৰ পিছত…

0 300

নেশ্যনেল ডেস্ক, ১৯ নৱেম্বৰঃ প্ৰায় ডেৰঘণ্টা স্তব্ধ হৈ পৰিছিল হৃদপিণ্ড । তাৰ পিছতো বিশেষজ্ঞ চিকিৎসকৰ দলে জীয়াই তুলিছে ভাৰতীয় সেনাৰ জোৱানগৰাকীক । এই সফলতা ওড়িশাৰ এইমছ ভূৱনেশ্বৰৰ ।

eCPRৰ জৰিয়তে এই সফলতা লাভ কৰি ওড়িশাৰ চিকিৎসা ইতিহাসত সোমবাৰে মাইলৰ খুঁটি স্থাপন কৰিলে চিকিৎসকৰ দলটোৱে । এই সন্দৰ্ভত এইমছ ভুৱনেশ্বৰৰ বিশেষজ্ঞ চিকিৎসক ডাঃ আশুতোষ বিশ্বাসে সংবাদ মাধ্যমৰ সনম্মুখত কয় যে এক্সট্ৰাকৰ্প’ৰিয়েল কাৰ্ডিঅ’-পালমোনাৰী ৰিছাচিটেচন (ইচিপিআৰ) প্ৰক্ৰিয়াৰে যুৱকজনক জীয়াই তোলা হয় ।

যিগৰাকী যুৱকৰ হৃদস্পন্দন প্ৰায় ডেৰ ঘণ্টা ধৰি বন্ধ হৈ আছিল । সুভকান্ত চাহু নামৰ ৰোগীজন এইমছ ভুৱনেশ্বৰত সংকটজনক অৱস্থাত ভৰ্তি হৈছিল  ১ অক্টোবৰত । তাৰ পিছতে যুৱকজনৰ হৃদযন্ত্ৰ বন্ধ হৈ পৰে ৷ প্ৰায় ৪০ মিনিট গতানুগতিক চিপিআৰ কৰাৰ পিছতো হৃদযন্ত্ৰৰ কোনো সক্ৰয়ি কৰিব পৰা নাছিল চিকিৎসকৰ দলটোৱে । তাৰ পিছত তেওঁক মৃত বুলি ঘোষণা কৰা হ’ব নে অত্যাধুনিক পদ্ধতিৰে চেষ্টা কৰা হ’ব তাক লৈও চিন্তিত হৈ পৰিছিল চিকিৎসকৰ দলটো ।

অৱশেষত চিকিৎসকৰ দলটোৱে ইচিপিআৰৰ কাম আগবঢ়াই নিয়াৰ সিদ্ধান্ত লয় ।  ডাঃ শ্ৰীকান্ত বেহেৰাৰ নেতৃত্বত বিশেষজ্ঞ চিকিৎসকৰ দলটোৱে ৰোগীগৰাকীৰ হৃদস্পন্দন প্ৰায় ৯০ মিনিটৰ পিছত ঘূৰাই আনিবলৈ সক্ষম হয় ।

Leave A Reply

Your email address will not be published.