বিশাল-চুমী-দীপাংকৰেই নহয়, ১০০ কোটিৰ প্ৰৱঞ্চনা কৰি গ্ৰেপ্তাৰ আন এজনো
নেশ্যনেল ডেস্ক, ১৯ নৱেম্বৰঃ প্ৰায় ১০০ কোটি টকাৰ ট্ৰেডিং কেলেংকাৰী কৰি দিল্লীত গ্ৰেপ্তাৰ হ’ল ফাং চেনজিন । ৪৩.৫ লাখ টকা বিনিয়োগ কৰা এগৰাকী ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় চীনৰ নাগৰিকগৰাকীক ।
দিল্লীৰ উপ-আৰক্ষী আয়ুক্তই জনোৱা অনুসৰি হোৱাটছএপ গ্ৰুপৰ জৰিয়তে এই বৃহৎ প্ৰৱঞ্চনাৰ জাল পেলোৱা হৈছিল । প্ৰৱঞ্চকৰ দলটোৱে ভুক্তভোগীসকলক ষ্টক মাৰ্কেটৰ প্ৰশিক্ষণ অধিবেশনলৈ প্ৰলোভিত কৰি বিনিয়োগ কৰোৱাইছিল বহু লোকক ।
তদন্তত প্ৰকাশ পোৱা অনুসৰি চেঞ্জিনৰ এই কেলেংকাৰীৰ সন্দৰ্ভত চাইবাৰ ক্ৰাইম পৰ্টেলত ১৭ টা গোচৰ পঞ্জীয়ন হৈ আছে । ফাং চেঞ্জিন অন্ধ্ৰপ্ৰদেশ আৰু উত্তৰপ্ৰদেশৰ ছাইবাৰ অপৰাধ আৰু ধন সৰবৰাহৰ সৈতেও জড়িত বুলি তদন্তত প্ৰকাশ পাইছে ।