কেনেকৈ সন্ধানহীন হৈছিল অভিনেতা সুনীল পাল ?
নিউজ ডেস্ক, ৪ ডিচেম্বৰঃ বিগত কেইদিনমান ধৰি সন্ধানহীন হৈ আছিল বিশিষ্ট কৌতুক অভিনেতা সুনীল পাল । কোনোধৰণৰ যোগাগোগ কৰিব পৰা নাছিল সুনীলৰ পত্নী সৰিতাৰ লগতে আন কোনেও । সুনীলক বিচাৰি চিন্তিত হৈ পৰিছিল পত্নী । স্বামীক বিচাৰি নাপাই অৱশেষত আৰক্ষীৰ কাষ চাপে সুনীলৰ পত্নী সৰিতাই । পিছত মুম্বাইৰ ছাণ্টাক্ৰুজ আৰক্ষী চকীত অভিযোগ দাখিল কৰিছিল ।
পত্নী সৰিতাই কয় যে সোমবাৰে এটা অনুষ্ঠানৰ বাবে সুনীলে মুম্বাইৰ বাহিৰলৈ গৈছিল আৰু তেওঁ মঙলবাৰে উভতি অহাৰ কথা আছিল । কিন্তু তেওঁ ঘূৰি অহা নাছিল । তাৰ পিছতে অনুসন্ধান আৰম্ভ হয় আৰু আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হয় ।
গোচৰ দাখিল কৰাৰ কেইটামান ঘন্টাৰ পিছতে বিচাৰি পোৱা গ’ল অনুসন্ধান হৈ থকা সুনীল পালক । অভিনেতা সুনীলে কোৱা অনুসৰি তেওঁ দিল্লীত আছিল । তেওঁৰ ফোনটো চুৰি হোৱাৰ বাবে কাৰো সৈতে যোগাযোগ কৰিব পৰা নাছিল । কিন্ত ইয়াৰ মাজতে উত্থাপিত হয় বহু প্ৰশ্নৰ । তেওঁ কেনেকৈ দিল্লী পাইছিলগৈ ? ক’ত ফোনটো হেৰাই গৈছিল ? অভিনেতাজনক অপহৰণ কৰা হৈছিল নেকি ?
আৰক্ষীৰ সৈতে কথা পাতি থাকোতে সুনীল পালে কয় যে তেওঁ মুম্বাইলৈ যোৱাৰ বাবে লৰালৰিকৈ বিমানবন্দৰলৈ গৈছিল । কিন্ত তেওঁ কি সমস্যাত আছিল সেয়া এতিয়াও জানিবপৰা হোৱা নাই ।