লাজ নালাগে ? সাহিত্য সভাৰ মজিয়াত এনেকুৱা মানুহো থাকেনে ! তাকো সাহিত্যানুৰাগী হেনো!
নিউজ ডেস্ক, ২৯ ডিচেম্বৰঃ অসম সাহিত্য সভা বুলিলে এতিয়া কেইটামান শব্দ সকলোৰে মনলৈ আহে, সেয়া হৈছে- অথন্তৰ, বিতৰ্ক ইত্যাদি । লগতে খোৱা-কামোৰাবোৰ আছেই । এইবাৰ পিছে আৰু এঢাপ ওপৰলৈ গ’ল ।
এইবাৰ মাৰ-পিটে স্থান ল’লে অসম সাহিত্য সভাত । এই মাৰ-পিট, দবৰা-দবৰিত অংশগ্ৰহণ কৰিলে বহু সাহিত্যানুৰাগীয়ে । সাহিত্যানুৰাগীৰ এই যুঁজখন দেওবাৰে দেখা গ’ল দদৰাৰ ভৃগু কুমাৰ ফুকন প্ৰেক্ষাগৃহত । অসম সাহিত্য সভাৰ বদনামৰ তালিকাত নতুনকৈ সংযোজিত এই দবৰা-দবৰিখন লাগিল কাৰ্যনিৰ্বাহক সমিতিৰ সভাপতিসহ বহুকেইটা পদৰ বাবে অনুষ্ঠিত নিৰ্বাচনৰ ভোটগণনাৰ দিনটোত ।
ভোটগণনাস্থলীলৈ নিমন্ত্ৰণ নাপাই ক্ষোভিত হোৱা অজিৎ প্ৰসাদ শৰ্মা নামৰ কাৰ্যনিৰ্বাহকৰ আদৰণী সমিতিৰ দায়িত্বত থকা এজন লোকে প্ৰহাৰ কৰিলে এজন লোকক । এইগৰাকী বিশেষ লোক আকৌ অসম সাহিত্যসভাৰ প্ৰধান সম্পাদক পদৰ প্ৰাৰ্থী । তাৰ পিছতে সাহিত্যৰ স্থানত অধিষ্ঠিত হ’ল চৰ, বাঁহ লৈ চোঁচা ইত্যাদিয়ে । মুঠৰ ওপৰত সাহিত্যৰ নামত ক’বলৈ লাজলগা এটা পৰিৱেশ ।
জানিব পৰা মতে এই ঘটনাৰ আৰম্ভণি ঘটিল অজিৎ প্ৰসাদ শৰ্মাই উপেন্দ্ৰজিৎ শৰ্মা নামৰ সাহিত্যসেৱী এগৰাকীক প্ৰশ্ন কৰাৰ পিছতে । ভোটগ্ৰহণৰ স্থানলৈ নিমন্ত্ৰণ নোপোৱাৰ সন্দৰ্ভত প্ৰশ্ন কৰাৰ পিছতে প্ৰথমে বাক-বিতণ্ডা হৈ পিছলৈ পৰিৱেশ উত্তপ্ত কৰিছে এইসকল ‘সাহিত্যানুৰাগী’য়ে।