দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি
ইণ্টাৰনেশ্যনেল ডেস্ক, ৩১ ডিচেম্বৰঃ গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইউন চুক ইয়েলৰ বিৰুদ্ধে । বিদ্ৰোহ আৰু ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগৰ পিছতে মঙলবাৰে ছিউল আদালতে ইউন চুক ইয়লৰ বিৰুদ্ধে এই গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰে ।
উল্লেখ্য যে সোধা-পোছাৰ বাবে হাজিৰ বিৰুদ্ধে সামৰিক আইন ঘোষণাৰ অভিযোগত তদন্তকাৰী সংস্থাই পূৰ্বে দুবাৰকৈ সোধা-পোছাৰ বাবে হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল । কিন্তু সেই নিৰ্দেশনা অমান্য কৰিছিল নিলম্বিত ৰাষ্ট্ৰপতিগৰাকীয়ে । তাৰ পিছত সোমবাৰে তৃতীয়বাৰৰ বাবে হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছিল যদিও তেওঁ হাজিৰ নহ’ল । তিনিবাৰকৈ তদন্তকাৰী সংস্থাৰ নিৰ্দেশনা অৱমাননা কৰাৰ পিছত গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰা হয় ।
চলিত মাহৰ আৰম্ভণিতে ইউনে অসামৰিক শাসন স্থগিত ৰখাৰ ফলত দক্ষিণ কোৰিয়াত ভয়াৱহ ৰাজনৈতিক সংকটৰ সূচনা হয় । ইয়াৰ পিছতে সংসদে তেওঁৰ ৰাষ্ট্ৰপতিৰ আসনৰ পৰা নমাই দিয়ে । ৰক্ষণশীল নেতাগৰাকীৰ বিৰুদ্ধে বিদ্ৰোহৰ অভিযোগো আছে, যাৰ ফলত যাৱজ্জীৱন কাৰাদণ্ড অথবা মৃত্যুদণ্ড পৰ্যন্তও হ’ব পাৰে ।
৩ ডিচেম্বৰত ইউনে টেলিভিশ্যনত দিয়া এক সাক্ষাৎকাৰতে সামৰিক আইন ঘোষণা কৰে আৰু ৰাষ্ট্ৰবিৰোধী শক্তিসমূহক নিৰ্মূল কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে । ইয়াৰ পিছতে সাংসদসকলে এই ঘোষণা বাতিলৰ বাবে ভোটদান কৰে । বিচাৰ বিভাগৰ অভিযোগনামা প্ৰতিবেদন অনুসৰি ইউনে ৰাজধানী প্ৰতিৰক্ষা কমাণ্ডৰ মুৰব্বী লি জিন-উক নিৰ্দেশ দিছিল যে বিধানসভাত প্ৰৱেশৰ বাবে প্ৰয়োজন হ’লে সামৰিক বাহিনীয়ে মাৰাত্মক শক্তিও ব্যৱহাৰ কৰিব পাৰে । তদুপৰি প্ৰতিবেদনত প্ৰকাশ পাইচে যে বিগত মাৰ্চৰ পৰাই ইউনে জ্যেষ্ঠ সামৰিক বিষয়াৰ সৈতে সামৰিক আইন সম্পৰ্কে আলোচনা কৰি আহিছিল ।
যোৱা সপ্তাহত দক্ষিণ কোৰিয়াৰ ৰাজনৈতিক সংকট তীব্ৰতৰ হৈ পৰে । ইউনৰ অন্তৱৰ্তীকালীন প্ৰতিস্থাপক হান ডাক-ছুকো ইউনৰ বিৰুদ্ধে সংসদে অভিযোগনামা দাখিল কৰে । ইয়াৰ পিছতে বিত্তমন্ত্ৰী চয় চাং-মোকে ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰে ।