প্ৰেমিকাক বিয়া কৰিবলৈ গৈ জে’লত সোমাল প্ৰেমিক, পিছে প্ৰেমিকা নহয় বিয়া
নেশ্যনেল ডেস্ক, ২ জানুৱাৰীঃ ফেচবুকত চিনাকি প্ৰেমাস্পদক বিচাৰি সীমান্তৰ সিপাৰ পালেগৈ এগৰাকী যুৱক । ২১ বছৰীয়া যুৱকগৰাকী সম্প্ৰতি কাৰাবন্দী হৈ আছে পাকিস্তানৰ কাৰাগাৰত ।
যুৱকগৰাকী উত্তৰ প্ৰদেশৰ আলিগড়ৰ আদল বাবু । পৰিয়ালৰ লোকে অৱশ্যে সংবাদ মাধ্যমৰ জৰিয়তেহে জানিব পাৰিছে আদল বাবু পাকিস্তান পোৱাগৈৰ বিষয়ে । পৰিয়ালৰ লোকে দিল্লীত কৰ্মৰত আছিল বুলিয়েই ভাবি আছিল । এই খবৰ লাভ কৰাৰ পিছতে পৰিয়ালৰ লোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওচৰত আবেদন জনাইছে তেওঁক ঘূৰাই অনাৰ ব্যৱস্থা কৰাৰ বাবে ।
ফেচবুকৰ সক্ৰিয় ব্যৱহাৰকাৰী আদল বাবু আগষ্ট মাহত নিজৰ গাঁওখন এৰি থৈ গৈছিল । যোৱা দীপাৱলীৰ সময়তে তেওঁ পৰিয়ালৰ লোকৰ সৈতে হোৱাটছএপত ভিডিঅ’ কল কৰিছিল । য’ত বাবুৱে তেওঁলোকক আশ্বস্ত কৰিছিল যে তেওঁ নিৰাপদ হৈ আছে আৰু চাকৰিও পাইছিল ।
ৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ প্ৰতিবেদন অনুসৰি বাদল বাবুৱে পাকিস্তানৰ ২১ বছৰীয়া ছানা ৰাণীক সাক্ষাৎ কৰিবলৈ অবৈধভাৱে সীমান্ত পাৰ হ’বলৈ চেষ্টা কৰিছিল । যোৱা সপ্তাহত পাকিস্তানৰ পঞ্জাৱত অবৈধ সীমান্ত পাৰ হোৱাৰ অপৰাধত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল । ইফালে পাকিস্তানৰ পঞ্জাৱ আৰক্ষীয়ে সানা ৰাণীয়ে যুৱকজনৰ সৈতে বিয়াত বহিবলৈ আগ্ৰহী নহয় বুলি কোৱাৰ বক্তব্যও ৰেকৰ্ডিং কৰি ৰাখিছে । পঞ্জাৱৰ আৰক্ষী বিষয়া নাছিৰ শ্বাহে কয়, “আৰক্ষীক দিয়া বক্তব্যত ছানা ৰাণীয়ে কয় যে যোৱা ডেৰ-দুবছৰ ধৰি বাবু আৰু তেওঁৰ ফেচবুকত বন্ধুত্ব আছে । কিন্তু তেওঁক বিয়া কৰাবলৈ তেওঁ আগ্ৰহী নহয় ।”
ইফালে গ্ৰেপ্তাৰ হোৱাৰ পিছতে বাবুৱে আৰক্ষীক নিজৰ প্ৰেম কাহিনী বৰ্ণনা কৰে। কোনো আইনী নথি-পত্ৰ নোহোৱাকৈ পাকিস্তানত প্ৰৱেশৰ চেষ্টা কৰাৰ বাবে পাকিস্তানৰ বিদেশ আইনৰ ১৩ আৰু ১৪ নং ধাৰাত গ্ৰেপ্তাৰ কৰা হয় বাবুক সস্প্ৰতি তেওঁক ১৪ দিনৰ ন্যায়িক জিম্মাত ৰখা হৈছে ।