ISHAN NEWS – Always One Step Ahead of Time…

আজি ‘ আন্ত:ৰাষ্ট্ৰীয় জোনবাই’ দিৱস । কি কাৰণে জোনবাই দিৱস পালন কৰা হয় আপুনি জানেনে ? ISHAN NEWS…

0 1,309

সমগ্ৰ বিশ্বই ২০২১ বৰ্ষৰ পৰাই ২০ জুলাইৰ দিনটোত পালন কৰি আহিছে জোনবাই দিৱস ।

জোনবাইক লৈ কিমান যে সাধু , কিমান যে কবিতা আৰু গীতৰ সৃষ্টি হৈছে তাৰ হিচাপ নায় । জোনবায়ে ল’ৰাৰ পৰা বুঢ়ালৈকে সকলোকে আকৰ্ষণ কৰে । সেই জোনবাইৰ বুকুতেই প্রথম বাৰৰ বাবে খোজ কাঢ়িছিল নীল আমষ্ট্ৰঙে । এপল’-১১ অভিযানৰ জৰিয়তে ১৯৬৯ চনৰ ২০ জুলাইত পৃথিৱীবাসীক আচৰিত কৰি প্রথম বাৰৰ বাবে চন্দ্ৰত ভৰি থলে নীল আমষ্ট্ৰঙে । এই বিশেষ দিনটোক স্মৰণীয় কৰি ৰখাৰ উদ্দেশ্যে প্রতি বছৰে ২০ জুলাই দিনটো সমগ্ৰ বিশ্বই আন্তঃৰাষ্ট্ৰীয় জোনবাই দিৱস হিচাপে পালন কৰে । চন্দ্ৰত চলি থকা বিভিন্ন দেশৰ অভিযানৰ কৃতিত্ব উদযাপনৰ বাবেও এই দিৱস পালন কৰা হয় । চন্দ্ৰৰ বহনক্ষম ৰূপটোৰ বিষয়ে মানুহৰ মাজতয়সজাগতা বৃদ্ধি কৰাটো এই দিৱসৰ আন এক উদ্দেশ্য ।

আপুনি জানেনে এপল’-১১ অভিযান কি ?


আমেৰিকাৰ সেই সময়ৰ ৰাষ্ট্ৰপতি জন এফ কেনেডীয়ে চন্দ্ৰৰ বুকুলৈ মানুহ প্রেৰণৰ বাবে এক অভিযান হাতত লৈছিল । এই অভিযানৰ জৰিয়তে পৃথিৱীৰ পৰা চন্দ্ৰলৈ এজন মানুহ প্ৰেৰণ কৰাৰ লগতে সোশৰীৰে চন্দ্ৰৰ পৰা পৃথিৱীলৈ ওভতাই আনিব । আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই সফল ৰূপ দিছিল এই অভিযানক । মাইকেল কলিন্স, বাজ এলড্রিন আৰু নীল আমষ্ট্ৰঙ এই তিনিওগৰাকী মহাকাশচাৰীয়ে চন্দ্ৰৰ বুকুত ৭২ ঘণ্টা সময় অতিবাহিত কৰিছিল । ইয়াৰ জৰিয়তে আমেৰইকাই ইতিহাসৰ পাতত লিপিবদ্ধ কৰিছিল এটি নতুন অধ্যায়ৰ ।

Leave A Reply

Your email address will not be published.