ISHAN NEWS – Always One Step Ahead of Time…

জোনবাইত বিক্রম আৰু প্রজ্ঞানৰ আয়ুস কিমান দিনৰ ? এবাৰ মৃত্যু হোৱাৰ পাছত পুনৰ জীয়াই উঠিব নেকি প্রজ্ঞান আৰু বিক্রম ?

0 350

চন্দ্ৰযান-৩ ৰ জোনবাইৰ বুকুত সফল অৱতৰণৰ পাছতেই সকলোৰে মাজত এতিয়া চিনাকি নাম হৈ পৰিছে বিক্রম আৰু প্রজ্ঞান । ভাৰতত মহাকাশ বিজ্ঞানৰ বাটকটীয়া মহান বিজ্ঞানী বিক্রম ছাৰাভাইৰ নামেৰে ৰখা হৈছিল চন্দ্ৰযান৩ ৰ লেণ্ডাৰৰ নাম আৰু সংস্কৃত ভাষাৰ শব্দ প্রজ্ঞান অৰ্থাৎ জ্ঞান এই শব্দৰে ৰখা হৈছিল চন্দ্ৰযান ৩ ৰ’ভাৰ খনৰ নাম । যিখন ৰ’ভাৰে জোনবাইৰ বুকুৰ বহু ৰহস্য ভেদ কৰাৰ লগতে আগেই নজনা তথ্য প্রেৰণ কৰিব আমালৈ । ইতিমধ্যে জোনবাইৰ বুকুত খোজ কাঢ়িবলৈ আৰম্ভ কৰিছে প্রজ্ঞানে । সেইদৰে বিক্রমে প্রেৰণ কৰিছে কেইবাখনো ফটো ।
জোনবাইত কিমান দিন কাৰ্য্য সম্পাদন কৰিব বিক্রম আৰু প্রজ্ঞানে ?
ইছৰোৱে বিক্রম আৰু প্রজ্ঞানৰ কঁপালত ১৪ দিনৰ আয়ুস লিখি প্রেৰণ কৰিছে জোনবাইলৈ । এতিয়া সকলোৰে মনত সৃষ্টি হৈছে বিভিন্ন প্রশ্ন । গতিকে ১৪ দিনহে জোনবাইত কাম কৰিব পাৰিব নেকি বিক্রম আৰু প্রজ্ঞানে ।
ইছৰোৰ মতে ১৪ দিনৰ কাম শেষ হ’লে লেণ্ডাৰ ‘বিক্ৰম’ আৰু ৰভাৰ ‘প্ৰজ্ঞান’ কামৰ অন্তত ‘ঘৰ’লৈ উভতি নাহে। জোনবাইৰ মাটিতে চিৰদিনৰ বাবে থাকি যাব।

কিয় ১৪ দিনৰ আয়ুস প্রজ্ঞান আৰু বিক্রমৰ ?

বিক্ৰম আৰু প্ৰজ্ঞানে চন্দ্ৰলৈ লৈ গৈছে বিভিন্ন সঁজুলি , যি বোৰ সঁজুলিৰ সহায়ত প্রজ্ঞান আৰু বিক্রমে জোনবাইৰ বক্ষত বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰাৰ লগতে তথ্য সংগ্ৰহ কৰিব, সেই সকলোবোৰ সঁজুলি সৌৰশক্তিচালিত। গতিকে চন্দ্ৰত যেতিয়ালৈকে সূৰ্য্য থাকিব তেতিয়ালৈকে প্রজ্ঞান আৰু বিক্রম জীয়াই থাকিব জোনবাইৰ বুকুত । ১৪ দিনৰ পাছত চন্দ্ৰত যেতিয়া সূৰ্যাস্ত হব তেতিয়াই চন্দ্ৰৰ বুকুত ক্রমাৎ নিস্ক্রিয় হৈ আহিব বিক্ৰম আৰু প্ৰজ্ঞান ।

আকৌ ১৪ দিনৰ পাছত চন্দ্ৰত সূৰ্যোদয় হ’লে পুনৰ প্রাণপাব নেকি প্ৰজ্ঞান আৰু বিক্রমে?

১৪ দিনৰ শেষত সঁচাকৈয়ে চন্দ্ৰযান-৩ৰ ‘মৃত্যু’ হব নেকি? এই প্ৰশ্নৰ স্পষ্ট উত্তৰ দিয়া নাই ইছৰোৰ বিজ্ঞানীসকলে। কিন্তু চন্দ্ৰৰ মাটিত বিক্ৰম আৰু প্ৰজ্ঞানৰ জীৱন পুনৰ প্রাণ প্ৰতিষ্ঠা হোৱাৰ সম্ভাৱনা একেবাৰে নুই কৰা নায় বিজ্ঞানী সকলে ।

কি কয় বিজ্ঞানীয়ে ?

বিজ্ঞানী দেৱীপ্ৰসাদ দুৱাৰীৰ মতে, “ইছৰোৱে এই বিষয়টো সম্পূৰ্ণৰূপে নুই কৰা নাই। কিন্তু বিক্ৰম আৰু প্ৰজ্ঞানৰ অস্তিত্ব ‘যদি’ আৰু ‘কিন্তু’ৰ ওপৰত নিৰ্ভৰশীল।’ বিজ্ঞানীয়ে জনাইছে যে চন্দ্ৰৰ দক্ষিণ মেৰুত ১৪ দিন সূৰ্যৰ পোহৰত কটোৱাৰ পাছত ১৪ নিশা অতি ঠাণ্ডা ৰাতিও অতিবাহিত কৰিব লাগিব বিক্রম আৰু প্রজ্ঞানে । এই ১৪ দিনত সূৰ্যৰ পোহৰৰ এটাও কণা চন্দ্ৰৰ ‘কুমেৰু’ত প্ৰৱেশ নকৰে। তাপমাত্ৰা মাইনাছ ৩০০ ডিগ্ৰী ফাৰেনহাইটলৈ হ্ৰাস হব পাৰে। সেয়েহে এই সময়ছোৱাত চন্দ্ৰযান-৩ৰ সা-সৰঞ্জাম সমূড় বিকল হোৱাৰ সম্ভাৱনা অধিক।
বিজ্ঞানী দুৱাৰীয়ে প্রজ্ঞান আৰু বিক্রম পুনৰ জীয়াই উঠাৰ সম্ভাৱনাক লৈ অত্যধিক আশাবাদী নোহোৱাটোৱেই ভাল বুলি উল্লেখ কৰে । কাৰণ, সেই অতি ঠাণ্ডা পৰিবেশত চন্দ্ৰৰ দক্ষিণ মেৰুত বিক্ৰম আৰু প্ৰজ্ঞানৰ বিভিন্ন সঁজুলি নষ্ট হৈ যোৱাৰ সম্ভাৱনা অধিক । সেয়েহে ১৪ দিনৰ আয়ুসৰ কথা মনত ৰাখিয়েই প্রজ্ঞান আৰু বিক্রমক ডিজাইন কৰিছে ইছৰোৱে । কিন্তু যদিহে যন্ত্ৰবোৰৰ কোনো ধৰণৰ ক্ষতি নহয় আৰু সৌৰশক্তি পুনৰ আহৰণ কৰাৰ ক্ষমতা থাকে তেতিয়া পুনৰ জীৱন ঘূৰি আহিব পাৰে প্রজ্ঞান আৰু বিক্রমৰ । কিন্তু সেই আশা নকৰাই ভাল ।

Leave A Reply

Your email address will not be published.