প্ৰায় সাজু ! কেতিয়াকৈ ৰাইজৰ বাবে মুকলি হ’ব ৰাম মন্দিৰ?
নতুন দিল্লীৰ প্ৰগতি ময়দানত চলি থকা জি-২০ সন্মিলন ২০২৩ৰ ওপৰত সকলোৰে দৃষ্টি নিৱদ্ধ থকাৰ সময়তে উত্তৰ প্ৰদেশৰ অযোধ্যাৰ পৰা আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ ।
সূত্ৰ অনুসৰি, ২০২৩ চনৰ ২৪ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অযোধ্যা ৰাম মন্দিৰ উদ্বোধন কৰিব বুলি জানিব পৰা গৈছে। যিহেতু ৰাম মন্দিৰ নিৰ্মাণৰ কাম দুবছৰৰো অধিক সময় ধৰি চলি আছে , সেয়েহে ৰাম মন্দিৰৰ প্ৰত্যাশিত উদ্বোধনৰ তাৰিখ ২০২৪ ৰ জানুৱাৰী আছিল ।
এতিয়া সূত্ৰৰ দ্বাৰা এটা উদ্বোধনৰ তাৰিখ ঘোষণা কৰা হৈছে। ৰামমন্দিৰ মুকলিৰ সমান্তৰালকৈ লোকসভা নিৰ্বাচনেও লাভ কৰিছে চৰ্চা । ২০২৪ ৰ ২১ ৰ পৰা ২৪ জানুৱাৰীৰ মাজৰ এটা শুভক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধন কৰাৰ সম্ভাৱনা আছে ।
কিন্তু, তাৰ পূৰ্বে জানুৱাৰীৰ ১৪ তাৰিখে সম্পন্ন হ’ব ৰামলালাৰ মূৰ্তিত প্ৰাণ প্ৰতিষ্ঠাৰ কাম। অহা বছৰ অযোধ্যাত অনুষ্ঠিত হ’বলগীয়া এই বিশাল উদ্বোধনৰ বাবে প্ৰধানমন্ত্ৰীৰ লগতে অন্যান্য গুৰুত্বপূৰ্ণ মন্ত্ৰীসকল উপস্থিত থাকিব ।
একাংশৰ মতে ২২ জানুৱাৰীত চূড়ান্ত হৈছে ৰাম মন্দিৰ মুকলিৰ তাৰিখ। ৰাম মন্দিৰ মুকলিৰ পিছতে অন্তৰ্ৱৰ্তীকালীন বাজেট দাখিল কৰিব চৰকাৰে। তাৰপিছতে লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিব পাৰে নিৰ্বাচন আয়োগে।