ISHAN NEWS – Always One Step Ahead of Time…

সংসদৰ বিশেষ অধিবেশনৰ ইতিহাস । কেতিয়া , কিয় অনুষ্ঠিত হৈছিল বিশেষ অধিবেশন ? ISHAN NEWS…

0 147

আজি অৰ্থাৎ সোমবাৰৰ পৰা আৰম্ভ হ’ব সংসদৰ বিশেষ অধিবেশন । ৫ দিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই অধিবেশনত ভাৰতীয় সংসদৰ ৭৫ বছৰীয়া যাত্রাৰ বিষয়ে আলোচনা কৰাৰ লগতে নিৰ্বাচনী আয়ুক্তৰ নিযুক্তিৰ উপৰিও চাৰিখন বিধেয়ক সন্দৰ্ভতো আলোচনা হোৱাৰ সম্ভাৱনা আছে ।

সংসদৰ বিশেষ অধিবেশনৰ ইতিহাস:
ক) ১৯৬২ চনৰ ৮ নৱেম্বৰ , চীনৰ বিৰুদ্ধে যুদ্ধ সম্পৰ্কীয় আলোচনাৰ বাবে অনুষ্ঠিত হৈছিল সংসদৰ বিশেষ অধিবেশন।
খ) ১৯৭২ চনৰ ১৫ আগষ্ট , ভাৰতৰ স্বাধীনতাৰ ২৫ বছৰ সম্পৃৰ্ণ হোৱা উপলক্ষে বিশেষ অধিবেশনঅনুষ্ঠিত হৈছিল ।
গ) ২৮ ফেব্ৰুৱাৰী আৰু ১ মাৰ্চ ১৯৭৭ ত সংসদৰ দুদিনীয়া বিশেষ অধিবেশন (ৰাজ্যসভা)ত নাগালেণ্ড আৰু তামিলনাডুত ৰাষ্ট্ৰপতিৰ শাসন সন্দৰ্ভত আলোচনা ।
ঘ) ৩, ৪ জুন ১৯৯১ । হাৰিয়ানাত ৰাষ্ট্ৰপতি শাসন অনুমোদন সন্দৰ্ভত ৰাজ্যসভাৰ বিশেষ অধিবেশন।
ঙ) ১৯৯২ চনৰ ৯ আগষ্ট , ভাৰত ত্যাগ আন্দোলনৰ ৫০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে সংসদৰ বিশেষ অধিবেশন।
চ) ১৯৯৭ চনৰ ২৬ আগষ্ট, ১৯৯৭ চনৰ ১ চেপ্টেম্বৰ স্বাধীনতাৰ ৫০ বছৰ পূৰ্ণ হোৱা উপলক্ষে বিশেষ অধিবেশন।
ছ) ২৬ আৰু ২৭ নৱেম্বৰ ২০১৫ , সংবিধান দিৱস উপলক্ষে বিশেষ অধিবেশন।
জ) ৩০ জুন ২০১৭ জি, এছ, টি কাৰ্যকৰী কৰিবৰ বাবে বিশেষ অধিবেশন।
ঝ) ১৮-২২ ছেপ্টেম্বৰ , ২০২৩, ভাৰতীয় সংসদৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে বিশেষ অধিবেশন।

Leave A Reply

Your email address will not be published.