ISHAN NEWS – Always One Step Ahead of Time…

চন্দ্ৰযান-৩ক লৈ কৃতিত্বৰ যুদ্ধ; বিজেপিক ইতিহাস সোঁৱৰাই দিলে জয়ৰাম ৰমেশে ISHAN NEWS…

0 159

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO) অভিলাষী মহাকাশ অভিযান সন্দৰ্ভত সংসদত শাসক-বিৰোধীৰ মাজত আৰম্ভ হৈছে কৃতিত্বৰ যুদ্ধ। বুধবাৰে ৰাজ্যসভাত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ কৰি কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কয় যে মহাকাশ খণ্ডত দেশে এতিয়ালৈকে যি সফলতা লাভ কৰিছে সেয়া কোনো এখন চৰকাৰৰ কাৰ্যকালত হোৱা নাই, এয়া ৬০ বছৰীয়া দীঘলীয়া পৰিক্ৰমাত লাভ কৰা সফলতা।

ভাৰতৰ গৌৰৱময় মহাকাশ অভিযান চন্দ্ৰযান-৩ৰ সফল অৱতৰণ বিষয় সন্দৰ্ভত উচ্চ সদনত হোৱা আলোচনাত অংশগ্ৰহণ লৈ জয়ৰাম ৰমেশে কয় যে সদনৰ নেতা পীযুষ গোৱেলৰ ভাষণৰ পৰা এইটো প্ৰতিপন্ন হয় যে দেশৰ গৌৰৱময় মহাকাশ যাত্ৰা ২০১৪ চনত আৰম্ভ হৈছে আৰু এই যাত্ৰাৰ সূত্ৰধাৰ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

জয়ৰাম ৰমেশে কয় যে চন্দ্ৰযান-৩ আৰু আদিত্য এল-১ৰ সফলতা এজন ব্যক্তিৰ বাবেই হৈছে বুলি এক ধাৰণাৰ সৃষ্টি কৰা হৈছে।


কংগ্ৰেছ নেতাগৰাকীয়ে লগতে কয় যে দেশৰ মহাকাশ যাত্ৰা আৰম্ভ হৈছিল ১৯৬০ দশকতে আৰম্ভ হৈছিল আৰু ১৯৬২ চনৰ ফেব্ৰুৱাৰী মাহত ৰাষ্ট্ৰীয় মহাকাশ গৱেষণা সমিতি গঠন কৰা হৈছিল। এই সমিতিৰ সদস্যসকলৰ ভিতৰত হোমি জাহাংগীৰ ভাভা আৰু বিক্ৰম সাৰাভাইৰ দৰে মহান বিজ্ঞানীও আছিল।

কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে ১৯৬৯ চনৰ ১৫ আগষ্টত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো) প্ৰতিষ্ঠা কৰা হৈছিল আৰু সাৰাভাইৰ অকাল মৃত্যুৰ পিছত ইয়াৰ দায়িত্ব দিয়া হৈছিল সতীশ ধাৱানক। সেই সময়ত সতীশ ধাৱান আমেৰিকাত কৰ্মৰত আছিল যদিও তদানিন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ অনুৰোধত তেওঁ ভাৰতলৈ উভতি আহিছিল।
তেওঁ লগতে কয় যে ই সামৰিক খণ্ডৰ অংশ নহয় বৰঞ্চ অসামৰিক উদ্দেশ্যত কৰা হৈছে আৰু ইয়াক ৰিম’ট চেন্সিং, গ্ৰাম্য উন্নয়ন, যোগাযোগ, বতৰ পূৰ্বাভাস আদি ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছে।

জয়ৰাম ৰমেশে আৰু কয় যে দেশৰ মহাকাশ কাৰ্যসূচীক সদায় উন্নয়নমূলক আকাংক্ষা পূৰণৰ আহিলা হিচাপে দেখা গৈছে। চন্দ্ৰযান-৩ৰ সফলতাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে এই সফলতাই বিজ্ঞানৰ প্ৰতি এক নতুন কৌতুহলৰ সৃষ্টি কৰিছে, কিন্তু যেতিয়া পাঠ্যপুথিৰ পৰা ডাৰউইনৰ তত্ত্ব আঁতৰোৱা আৰু নিউটন আৰু আইনষ্টাইনৰ দৰে বিজ্ঞানীৰ তত্ত্ব নাকচ কৰা হৈছে তেন্তে নতুন কৌতুহলৰ পৰা কি লাভ হ’ব।

জয়ৰাম ৰমেশে কয় যে ২০০৩ চনত তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে চন্দ্ৰযান ঘোষণা কৰিছিল আৰু ২০০৮ চনত চন্দ্ৰযান-১ আৰু ২০১৯ চনত দ্বিতীয় অভিযান আৰম্ভ কৰিছিল। তেওঁ কয় যে এয়া এক নিৰন্তৰ প্ৰক্ৰিয়া আৰু ইয়াত বিভিন্ন চৰকাৰ আৰু প্ৰধানমন্ত্ৰীয়ে অৰিহণা যোগাইছে।

তেওঁ লগতে এইটোও কয় যে আদিত্য এল-১ এটা ডাঙৰ সফলতা, ২০০৬ চনত আৰম্ভ কৰা এই আঁচনি সম্পূৰ্ণ কৰিবলৈ ১৭ বছৰ সময় লাগিছে।


উল্লেখ্য যে, যোৱা ২৩ আগষ্টত চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-৩ৰ ‘বিক্ৰম লেণ্ডাৰ’ৰ সফল অৱতৰণ কৰাৰ লগে লগে ইতিহাস ৰচিছিল ভাৰতে। চন্দ্ৰপৃষ্ঠত উপনীত হোৱা চতুৰ্থখন দেশ আৰু দক্ষিণ মেৰুত উপনীত হোৱা প্ৰথমখন দেশ হিচাপে পৰিগণিত হয় ভাৰত।

Leave A Reply

Your email address will not be published.