ISHAN NEWS – Always One Step Ahead of Time…

এছিয়ান গেমছত ভাৰতৰ হৈ পদক যুঁজত নামিব অসমৰ ৭ গৰাকী খেলুৱৈ ISHAN NEWS…

0 2,879

২৩ ছেপ্তেম্বৰ অৰ্থাত কাইলৈৰ পৰা চীনৰ হাংঝো প্ৰদেশত অনুষ্ঠিত হ’ব এছিয়ান গেমছ ২০২২। যোৱা বৰ্ষতে এই প্ৰতিযোগিতাখন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ক’ভিড মহামাৰীৰ বাবে ২০২৩লৈ পিছুৱাই দিয়া হৈছিল।

এইবাৰৰ প্ৰতিযোগিতাখনত ৪০ বিধ খেল অন্তৰ্ভুক্ত কৰা হৈছে আৰু আটাইকেইবিধ খেলতে অংশ ল’ব ভাৰতে। ভাৰতৰ ৬৫৫ গৰাকী খেলুৱৈ ইতিমধ্যেই চীনত গৈ উপস্থিত হৈছে।

এছিয়ান গেমছ ইতিহাসত এইবাৰেই প্ৰথম সৰ্বাধিক খেলুৱৈ প্ৰেৰণ কৰিছে ভাৰতে। ইয়াৰ পূৰ্বে জাকাৰ্টা এছিয়ান গেমছত ভাৰতে সৰ্বাধিক ৫৭০ গৰাকী খেলুৱৈ প্ৰেৰণ কৰিছিল।

আটাইতকৈ গৌৰৱৰ কথা এইটোৱে যে এইবাৰৰ এছিয়ান গেমছত অংশ ল’বলগীয়া ভাৰতীয় দলটোত আছে অসমৰ সাতগৰাকী প্ৰতিভাধৰ খেলুৱৈ।

দলটোত আছে অলিম্পিক পদক জয়ী বক্সাৰ লাভলিনা বৰগোঁহাই, অলিম্পিয়ান শিৱ থাপা, অম্লান বৰগোহাঁই, শিৱাংগী শৰ্মা, উমা ছেত্ৰী, প্ৰিয়া দেৱী আৰু অস্মিতা চলিহা।

বক্সিঙত লাভলিনা বৰগোঁহাইয়ে মহিলাৰ ৭৫ কিলোগ্ৰাম শাখাত, শিৱ থাপাই পুৰুষৰ ৬৩.৫ কিলোগ্ৰাম শাখাত, অম্লান বৰগোঁহাইয়ে ট্ৰেক এণ্ড ফিল্ড, শিৱাংগী শৰ্মাই সাঁতোৰ, উমা ছেত্ৰী ক্ৰিকেট, প্ৰিয়া দেৱী ছেপাক টাকৰ’ আৰু অস্মিতা চলিহাই বেডমিণ্টনত প্ৰতিদ্ব্ন্দ্বিতা আগবঢ়াব।

উল্লখ্য যে, এই প্ৰতিযোগিতাখনত ভাৰতৰ ধ্বজাবহন কৰিব অসম কন্যা লাভলিনা বৰগোঁহাইয়ে। ভাৰতীয় হকী দলৰ অধিনায়ক হৰমনপ্ৰীত সিঙৰ সৈতে ধ্বজা বহন কৰিব।

Leave A Reply

Your email address will not be published.