ISHAN NEWS – Always One Step Ahead of Time…

আইচিচিয়ে ঘোষণা কৰিলে এদিনীয়া বিশ্বকাপৰ বাবে পুৰস্কাৰৰ ধন; বিজয়ী দলৰ ওপৰত হ’ব টকাৰ বৰষুণ ISHAN NEWS

0 4,969

অহা মাহৰ পৰা আৰম্ভ হ’বলগীয়া বহু প্ৰতিক্ষীত এদিনীয়া বিশ্বকাপ ২০২৩ৰ পুৰস্কাৰ ধন ঘোষণা কৰিছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ আই চি চিয়ে।

সামগ্ৰিকভাৱে লীগ পৰ্যায়ত ৪৫খন মেচত জয়ী হোৱা প্ৰতিটো দলৰ বাবে পুৰস্কাৰৰ ব্যৱস্থা কৰা হৈছে। মুঠৰ ওপৰত আইচিচিয়ে এই মেগা ইভেণ্টৰ বাবে দহ মিলিয়ন মাৰ্কিন ডলাৰ (৮২,৯৫,০০,০০০ কোটি টকা)ৰ পুৰস্কাৰ ধন বিতৰণ কৰাৰ সিদ্ধান্ত লৈছে।

৫ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া মেগা ইভেণ্টৰ চূড়ান্ত খেলখন ১৯ নৱেম্বৰত অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাখনত মুঠ ৪৮খন খেল অনুষ্ঠিত হ’ব।

ৰানাৰ্ছ আপ দলটোৱে ২ মিলিয়ন ডলাৰ (১৬,৫৮,৮৪,৭০০ কোটি টকা) পুৰস্কাৰ ধন লাভ কৰাৰ বিপৰীতে আইচিচিয়ে দিয়া তথ্য অনুসৰি ছেমি ফাইনেলত পৰাস্ত হোৱা দল দুটাই আঠ লাখ ডলাৰ (৬,৬৩,৬৫,৫২০ টকা) টকা পুৰস্কাৰ হিচাপে লাভ কৰিব।

কিন্তু খিতাপ জয় কৰা দলটোৰ ওপৰত হ’ব ধনৰ বৰষুণ। আকৰ্ষণীয় ট্ৰফীৰ উপৰি ২০২৩ চনৰ খিতাপ জয় কৰা দলটোৱে পুৰস্কাৰৰ ধন হিচাপে লাভ কৰিব চাৰি মিলিয়ন ডলাৰ (৩৩,১৮,০০০০০ কোটি টকা)।

আনহাতে বিশ্বকাপত প্ৰতিখন লীগ মেচত জয়ী হোৱা দলেও পুৰস্কাৰৰ ধন লাভ কৰিবলৈ গৈ আছে। গ্ৰুপ পৰ্যায়ত জয়ী হোৱা প্ৰতিটো দলে চল্লিশ হাজাৰ ডলাৰ (৩৩,১৮,০৬২ লাখ টকা) লাভ কৰিব।

ইফালে ছেমি ফাইনেলত প্ৰৱেশ কৰাত ব্যৰ্থ হোৱা প্ৰতিটো দল অৰ্থাত একপ্ৰকাৰ কোৱাৰ্টাৰ ফাইনেলিষ্ট দল কেইটাই এক লাখ ডলাৰ (৮২,৯৫,৬৪৫ লাখ টকা) লাভ কৰিব।

Leave A Reply

Your email address will not be published.