ISHAN NEWS – Always One Step Ahead of Time…

ক্ৰিকেট বিশ্বকাপত দক্ষিণ আফ্ৰিকাই ৰচিলে ইতিহাস; সৰ্বাধিক স্ক’ৰৰ লগতে গঢ়িলে কেইবাটাও ৰেকৰ্ড

0 6,963

ভাৰতৰ ভূমিত চলি থকা এদিনীয়া বিশ্বকাপত দক্ষিণ আফ্ৰিকাই বিস্ফোৰক ৰূপত আৰম্ভ কৰিছে নিজৰ অভিযান। দক্ষিণ আফ্ৰিকাৰ বেটাৰসকলে প্ৰতিযোগিতাখনৰ প্ৰথমখন মেচতে এটা নহয় কেইবাটাও বৃহত অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

দিল্লীৰ অৰুণ জেটলী ক্ৰিকেট ষ্টেডিয়ামত শ্ৰীলংকাৰ বিৰুদ্ধে খেলা মেচখনত দক্ষিণ আফ্ৰিকাই এদিনীয়া বিশ্বকাপৰ সৰ্বাধিক স্ক’ৰ গঢ়াৰ অভিলেখ গঢ়ে।

দক্ষিণ আফ্ৰিকাই শ্ৰীলংকাৰ বিৰুদ্ধে ৫ উইকেট হেৰুৱাই ৪২৮ ৰানৰ বিশাল স্ক’ৰ কৰিবলৈ সক্ষম হয়। ইয়াৰ পূৰ্বে এই বিশ্ব অভিলেখ আছিল অষ্ট্ৰেলিয়াৰ নামত (৪১৭/৬)।

দক্ষিণ আফ্ৰিকাৰ এই বৃহত স্ক’ৰৰ মূলতে আছিল তিনিগৰাকীকৈ বেটছমেনৰ শতকীয় ইনিংছ।

শ্ৰীলংকাৰ বিৰুদ্ধে আফ্ৰিকাৰ বেটছমেন এইডেন মাৰ্কৰামে মাত্ৰ ৪৯টা বলত শতক সম্পূৰ্ণ কৰি বিশ্বকাপ ইতিহাসৰ দ্ৰুত শতক অৰ্জনৰ অভিলেখ গঢ়ে।

মাৰ্কৰামৰ এই বিস্ফোৰক শতকটোত আছিল ১৪টা চাৰি আৰু ৩টা ছয়। মাৰ্কৰামে আয়াৰলেণ্ডৰ কেভিন অ’ব্ৰেইনৰ অভিলেখ ভংগ কৰে। ২০১১ চনৰ বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে অ’ব্ৰেইনে এই অভিলেখ গঢ়িছিল। ইংলেণ্ডৰ বিৰুদ্ধে ৫০টা বলত শতক সম্পূৰ্ণ কৰিছিল আইৰিছ বেটাৰগৰাকীয়ে।

আনহাতে মাৰ্কৰামৰ উপৰি কুইণ্টন ডি কক (১০০) আৰু ৰাছি ভান ডাৰ ডাচেনেও আফ্ৰিকাৰ হৈ শতক অৰ্জন কৰে।

কুইণ্টনৰ আজিৰ এই শতকটোও আছিল বিশেষ। ডি ককে এই শতকটোৰ জৰিয়তে এ বি ডি ভিলিয়াৰ্ছৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হয়। এদিনীয়া মেচত সৰ্বাধিক দ্ৰুত শতক অৰ্জন কৰাৰ ক্ষেত্ৰত কুইণ্টন ডি ককে ডি ভিলিয়াৰ্ছক অতিক্ৰম কৰিছে।

এদিনীয়া কেৰিয়াৰৰ ১৪৬ সংখ্যক ইনিংছত ডি ককৰ এইটো আছিল ১৮ সংখ্যক শতক। আনহাতে ডি ভিলিয়েৰ্ছে ১৫৯ সংখ্যক ইনিংছত এদিনীয়া কেৰিয়াৰৰ ১৮টা শতক সম্পূৰ্ণ কৰিছিল।

Leave A Reply

Your email address will not be published.