ISHAN NEWS – Always One Step Ahead of Time…

ভাৰত-পাকিস্তান মেচৰ পূৰ্বে নৰেন্দ্ৰ মোদী ষ্টেডিয়াম বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

0 1,309

৫ অক্টোবৰৰ পৰা ভাৰতৰ ভূমিত আৰম্ভ হৈছে এদিনীয়া ক্ৰিকেটৰ আটাইতকৈ ৰোমাঞ্চকৰ প্ৰতিযোগিতা বিশ্বকাপ। আয়োজক দেশ ভাৰতে বিজয়েৰে অভিযান আৰম্ভ কৰাৰ পিছত আজি আফগানিস্তানৰ বিৰুদ্ধে খেলি আছে দ্বিতীয়খন মেচ।

আজিৰ মেচখনৰ পিছতে ভাৰতে অহা ১৪ অক্টোবৰত গুজৰাটৰ আহমেদাবাদস্থিত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত চিৰপ্ৰতিদ্বন্দ্বী পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।

কোটি-কোটি ক্ৰিকেটপ্ৰেমীয়ে অধীৰ আগ্ৰহেৰে বাট চাই থকা এই মেচখনৰ পূৰ্বে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামলৈ আহিছে ভাবুকি। ইতিমধ্যেই আহমেদাবাদ আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে এজন লোকক গ্ৰেপ্তাৰ কৰিছে।

লোকজনৰ বিৰুদ্ধে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আক্ৰমণৰ ভাবুকি দি ইমেইল প্ৰেৰণ কৰাৰ অভিযোগ।

গুজৰাটৰ ৰাজকোটৰ পৰা গ্ৰেপ্তাৰ হোৱা ব্যক্তিজনৰ বিৰুদ্ধে পূৰ্বৰ কোনো অপৰাধজনিত ঘটনাত জড়িত থকাৰ তথ্য নাই। গুজৰাট আৰক্ষীৰ এজন বিষয়াৰ পৰা পোৱা তথ্য অনুসৰি অভিযুক্তই ষ্টেডিয়ামত বোমা বিস্ফোৰণৰ ভাবুকি দিছিল। এই বিষয়ত আৰক্ষীয়ে আৰু কোনো তথ্য দিয়া নাই।

গ্ৰেপ্তাৰ হোৱা লোকজন মূলতঃ মধ্যপ্ৰদেশৰ। তেওঁ নিজৰ নাম ব্যৱহাৰ কৰি ভাবুকিপূৰ্ণ ইমেইল প্ৰেৰণ কৰিছিল।

উল্লেখযোগ্য যে, এইধৰণৰ ভাবুকিৰ মাজতে ভাৰত-পাকিস্তান বিশ্বকাপ ক্ৰিকেট খেলখনৰ বাবে আহমেদাবাদ আৰক্ষীয়ে কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিছে।

১৪ অক্টোবৰত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ নিৰাপত্তাৰ বাবে গুজৰাট আৰক্ষী, এন এছ জি, আৰ এ এফ (ৰেপিড একচন ফৰ্চ) আৰু হোম গাৰ্ডৰ ১১ হাজাৰৰো অধিক জোৱান নিয়োগ কৰা হ’ব।

এনে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ উদ্দেশ্য হৈছে কোনো ধৰণৰ সম্ভাৱ্য বিপদ ৰোধ কৰা আৰু খেল উপভোগ কৰিবলৈ অহা দৰ্শক যাতে সুৰক্ষিত হৈ থাকে।

ভাৰত-পাকিস্তানৰ মাজৰ হাইভল্টেজ মেচখনৰ সময়ত ষ্টেডিয়ামত ১ লাখ দৰ্শকৰ সমাগম হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

Leave A Reply

Your email address will not be published.