ISHAN NEWS – Always One Step Ahead of Time…

আপুনিও ব্যৱহাৰ কৰে নেকি কেঁচা হালধি। তেন্তে জানি থওঁক এইখিনি কথা। ISHAN NEWS….

0 2,471

সকলোৰে ৰন্ধা ঘৰত শুকান হালধি পোৱা যায়, হালধি হৈছে ৰন্ধাৰ ক্ষেত্ৰত প্ৰয়োজনীয় উপাদান। হালধিয়ে তৰকাৰীত হালধীয়া প্ৰদান কৰে।  

হালধি হৈছে স্বাস্থ্যৰ বাবে এক উপকাৰী উপাদান (Element), শুকান হালধি (Dry Turmeric)ৰ তুলনাত কেঁচা হালধি (Raw Turmeric)ৰ উপকাৰিতা অধিক। 

সংক্ৰমণ ৰোধক (Anti-infectious), বেক্টেৰিয়ানাশক (Anti-bacterial), বীজাণুনাশক (Anti-viral) এইবোৰ গুণ কেঁচা হালধি (Raw Turmeric)ত পোৱাৰ লগতে অইন উপকাৰিতাও আছে  । 

কেঁচা হালধি (Raw Turmeric) গাঁঠি জোৰাৰ বিষ(joints Pain), ছালৰ সংক্ৰমণ (skin infections),শালমন (pimples), ক’লা দাগ(Black spots), ৰ’দে  পোৰা (sun burn), পাচন প্ৰক্ৰিয়া আৰু হজম শক্তি বঢ়োৱা (digestion)ৰ লগতে মুখৰ উজ্বলতাৰ বাবেও উপকাৰী ।

ৰাতিপুৱা শুই উঠি খালী পেটত কেঁচা হালধি (Raw Turmeric)খালে বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাব।

কেঁচা হালধিৰ লাভালাভঃ- 

১. গৰম গাখীৰৰ লগত হালধি মিশ্ৰিত কৰি যদি আপুনি সেৱন কৰে তেন্তে মধুমেহ ৰোগ(Diabetes)ৰ পৰা পৰিত্ৰাণত সহায় কৰে। ই চেনিৰস্তৰ নিয়ন্ত্ৰণত ৰাখে ।

২. ৰাতি টোপনি যোৱাৰ আগত এগিলাচ গাখীৰত হালধি মিহলাই সেৱন কৰিলে দেহত বৃদ্ধি পোৱা কলেষ্টৰল(Cholesterol)ৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে। যাৰ ফলত হৃদ ৰোগৰ পৰা ৰক্ষা পাব পাৰি।

৩. হালধিৰ সেৱনে পিত্তথলী(gallbladder)ত পিত্তৰ উৎপাদন বৃদ্ধি কৰিব পাৰে, যাৰ ফলত খাদ্যৰ হজমশক্তি(digestion) বৃদ্ধি কৰি বদহজম দূৰ কৰাত সহায় কৰে।  

৪. শালমইনা (pimples)ৰ সমস্যা থাকিলে নিশা হালধি লগাই পুৱা চাফা পানীৰে ধুলে লাভান্বিত হ’ব পাৰি ৷ 

৫. হালধি মুখৰ উজ্বলতাৰ বাবেও উপকাৰী। ৰ’দে পোৰা ছালত গাখীৰ আৰু মৌ লগালে ভাল ফল পোৱা যায়।

৬. নিতৌ ৰাতিপুৱা পানী খোৱাৰ পিছত কেঁচা হালধিৰ ৰস খালে পেলু(Parasites), কোষ্ঠকাঠিন্য(Constipation) আৰু গেষ্ট্ৰাইটিজ(Gastritis)ৰ পৰা হাত সাৰিব পাৰি।

৭.  কটা –ছিঙা বা ঘাঁ (Cut/wounds) আদি হ’লে তাত কেঁচা হালধি (Raw Turmeric) পিচি প্ৰলেপ লগালে আৰাম পায়।

৮. হালধিত কাৰকুমিন(Curcumin) থাকে যিহেতু, ৰাতিপুৱা গাখীৰৰ লগত হালধি মিহলাই খালে এলাৰ্জি (Allergy)ৰ পৰা সকাহ পাব পাৰি।

৯. হালধিয়ে খাদ্যৰ পাচন প্ৰক্ৰিয়াত যথেষ্ট সহায় কৰে আৰু হজম শক্তি বঢ়াই।

১০. হালধিয়ে গাঁঠি জোৰাৰ বিষ নিৰাময় কৰে।

১২. নিতৌ কেঁচা হালধি গাখীৰত মিহলি খালে চৰ্দি –জ্বৰৰ পৰা সকাহ পাব পাৰি।

১৩.হালধিৰ সেৱনে শৰীৰৰ অত্যধিক ওজন (Obesity) হ্ৰাস কৰাত সহায় কৰে।

১৪. নিয়মিত হালধি গাখীৰ খালে কাৰকিউমিন(Curcumin)ৰ প্ৰভাৱত বিডিএনএফ (BDNF) নামৰ এক ৰাসায়নিকৰ পৰিমাণ বাঢ়ে যাৰ বাবে আলঝেইমাৰ(Alzheimer’s)ৰ প্ৰকোপ কমে আৰু মগজুৰ কাৰ্যক্ষমতা বাঢ়ে।

১৫. হালধিৰ সেৱনে প্ৰস্ৰাৱ কমকৈ হোৱা বা প্ৰস্ৰাৱত জ্বলা –পোৰাৰ বাবে উপকাৰী।

১৬. হালধিয়ে দাঁতবোৰ বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰা মুক্ত ৰাখে আৰু  দাঁতৰ গুৰি শক্তিশালী কৰে।

১৭. তেজত পিণ্ড(Lumps) থকাৰ বাবে, বহু প্ৰকাৰৰ ৰোগ হ’ব পাৰে । কেঁচা হালধিৰ ব্যৱহাৰে তেজ পৰিষ্কাৰ কৰে ।

Leave A Reply

Your email address will not be published.