ISHAN NEWS – Always One Step Ahead of Time…

ৰ’ভাৰ ‘প্রজ্ঞান’ আৰু লেণ্ডাৰ ‘বিক্রম’ সন্দৰ্ভত ডাঙৰ খবৰ । কি ক’লে ইছৰোৰ অধ্যক্ষ এছ, সোমনাথে ? ISHAN NEWS…

0 14,470

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে শেহতীয়াকৈ চন্দ্ৰযান-৩ অভিযান সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ কথা সদৰী কৰিছে।

ইছৰোৰ অধ্যক্ষ এছ সোমনাথে বৃহস্পতিবাৰে চন্দ্ৰপৃষ্ঠত শীতল নিদ্ৰাত থকা ৰ’ভাৰ প্রজ্ঞান পুনৰ সক্রিয় হৈ উঠাৰ ইংগিত প্রদান কৰে । সোমনাথে কয় যে , নিদ্ৰাৰত অৱস্থাত থকা ৰ’ভাৰ প্রজ্ঞান পুনৰ সক্ৰিয় হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

সোমনাথে কয় যে , মহাকাশ গৱেষণা সংস্থা ইছৰো অৱগত যে, ৰভাৰ আৰু লেণ্ডাৰ ‘বিক্ৰম’ চন্দ্ৰপৃষ্ঠত নিদ্ৰাৰত অৱস্থাত আছে ।

এখন বাতৰি সন্মিলনত ভাষণ দি এছ. সোমনাথে কয় যে এতিয়া প্রজ্ঞান আৰু বিক্রম জোনবাইত শান্তিৰে শুই আছে… সিহতক ভালদৰে শুবলৈ দিয়ক…। আমি সিহঁতক অসুবিধাত পেলাবলৈ বিচৰা নাই… যেতিয়া নিজে উঠিব বিচাৰে, উঠিব… মই এই মুহূৰ্তত ইয়াকে ক’ব বিচাৰো।

ৰ’ভাৰ পুনৰ সক্ৰিয় হ’ব বুলি ইছৰো আশাবাদী নেকি বুলি সোধা এক প্রশ্নৰ উত্তৰত সোমনাথে কয় যে , “আশাবাদী হোৱাৰ কাৰণ আছে। “আশা”ৰ যুক্তি দি সোমনাথে কয় যে, চন্দ্ৰযান অভিযান ৩ ত এটা লেণ্ডাৰ আৰু এটা ৰ’ভাৰ জড়িত আছিল। লেণ্ডাৰটো বিশেষভাবে নিৰ্মাণ কৰা হৈছিল , ইয়াক সম্পূৰ্ণৰূপে পৰীক্ষা কৰিবলৈ অসুবিধা ।

যেতিয়া ৰ’ভাৰটো মাইনাছ ২০০ ডিগ্ৰী চেলচিয়াছত পৰীক্ষা কৰা হৈছিল, ই কম তাপমাত্ৰাত কাম কৰি থকা দেখা গৈছিল। ইছৰোৰ মুৰব্বীয়ে স্পষ্ট কৰি দিয়ে যে চন্দ্ৰযান-৩ অভিযানৰ উদ্দেশ্য পূৰণ হৈছে। ইছৰোৱে এই অভিযানৰ জৰিয়তে সংগ্ৰহ কৰা বৈজ্ঞানিক তথ্য নিৰ্ণয় কৰিবলৈ চেষ্টা কৰি আছে। ২৩ আগষ্টত চন্দ্ৰত অৱতৰণ কৰাৰ পাছত, লেণ্ডাৰ আৰু ৰোভাৰে জোনবাইৰ বুকুত কেইবাদিনো পৰীক্ষা-নিৰীক্ষা চলাইছিল। চন্দ্ৰযান-৩ৰ সফলতাত বিশ্বৰ বিভিন্ন দেশে ভাৰতক অভিনন্দন জনাইছে ।

Leave A Reply

Your email address will not be published.