ISHAN NEWS – Always One Step Ahead of Time…

হাৰ্দিক পাণ্ডিয়াৰ ঠাইত কোনে পাব মূল একাদশত স্থান? উত্তৰ দিলে ৰাহুল দ্ৰাবিড়ে

0 3,632

আজি আই চি চি এদিনীয়া বিশ্বকাপত ভাৰত মুখামুখি হ’ব নিউজিলেণ্ডৰ বিৰুদ্ধে। চলিত বিশ্বকাপত অপৰাজিত হৈ আছে দুয়োটা দল। কিন্তু আজি যিকোনো এটা দলৰ বিজয়ৰ ৰথ স্তব্ধ হ’ব।

ইফালে ২০ বছৰে নিউজিলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপত জয়ী হ’ব পৰা নাই ভাৰত। আজি এই সমীকৰণ সলনি কৰাৰ মানসিকতাৰে ধৰমশালাত নামিব ভাৰতীয় দল। কিন্তু মেচখনৰ পূৰ্বে অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াৰ আঘাতৰ বাবে ভাৰতীয় দলটো বিপদত পৰা পৰিলক্ষিত হৈছে।

মেচখনৰ এদিন পূৰ্বে প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে মূল একাদশত পাণ্ডিয়াৰ ঠাইত কোনজন খেলুৱৈয়ে সুযোগ পাব সেই সন্দৰ্ভত ইংগিত প্ৰদান কৰিছে।

মেচখনৰ পূৰ্বে সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে অলৰাউণ্ডাৰৰ সন্দৰ্ভত কয় যে হাৰ্দিক পাণ্ডিয়া আমাৰ দলৰ এজন গুৰুত্বপূৰ্ণ খেলুৱৈ। তেওঁৰ অল ৰাউণ্ড খেলৰ বাবে দলত ভাৰসাম্যৰ সৃষ্টি হয়। তেওঁ নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব নোৱাৰিব। এতিয়া আমি চাব লাগিব যে কেনেকৈ মূল একাদশত ভাৰসাম্য আনিব পাৰো। পৰিস্থিতি অনুসৰি আমি মেচৰ পূৰ্বে সিদ্ধান্ত লম যে তেওঁৰ ঠাইত কোনজন খেলুৱৈক অন্তৰ্ভুক্ত কৰিব লাগে।

হাৰ্দিকৰ কথা কওঁতে প্ৰশিক্ষক দ্ৰাবিড়ে শাৰ্দুল ঠাকুৰৰ বিষয়ে মন্তব্য কৰি কয়, যে চাওক, শাৰ্দুল ঠাকুৰে দলত অল ৰাউণ্ডাৰ হিচাপে খেলে নে নাই সেই বিষয়ে মই বেছি গভীৰতালৈ যাব নিবিচাৰো। তেওঁৰ উইকেট লোৱাৰ কলা আছে যদিও এতিয়ালৈকে তেওঁ বেটিং কৰাৰ সুযোগ পোৱা নাই। হাৰ্দিক পাণ্ড্যাৰ অনুপস্থিতিৰ পিছত দলীয় সংমিশ্ৰণৰ প্ৰতি গুৰুত্ব দিব লাগিব। আমি তিনিজন বেগী বলাৰ আৰু দুজন স্পিনাৰৰ সৈতে যাব বিচাৰিম।

ৰাহুল দ্ৰাবিড়ৰ এই মন্তব্যৰ পিছত এটা কথা স্পষ্ট হৈছে যে নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া গুৰুত্বপূৰ্ণ মেচখনত মহম্মদ ছামীয়ে খেলাৰ সুযোগ পোৱাটো একপ্ৰকাৰ নিশ্চিত।

Leave A Reply

Your email address will not be published.