ISHAN NEWS – Always One Step Ahead of Time…

কাপোৰ ধুই আঙুলি শক্তিশালী কৰা বিষণ সিং বেদীৰ কিছু নজনা কথা…

0 1,235

ভাৰতীয় স্পিন বলিঙৰ কিম্বদন্তী। যিজনে এটা বলিং একচনেৰে চাৰি প্ৰকাৰৰ বলিং কৰিবলৈ সক্ষম হৈছিল। তেওঁ আছিল বিশ্বৰ শ্ৰেষ্ঠ স্পিনাৰ বুলি গণ্য কৰা শ্বেন ৱাৰ্নৰ আদৰ্শ।

আমি উল্লেখ কৰি থকা এইগৰাকী ক্ৰিকেটাৰ হৈছে ৭০ দশকৰ ভাৰতীয় দলৰ স্পিন বলিঙৰ প্ৰাণস্বৰূপ যাদুকৰী স্পিনাৰ তথা প্ৰাক্তন অধিনায়ক বিষণ সিং বেদী।

সোমবাৰে এই মহান স্পিনাৰগৰাকীৰ ৭৭ বছৰ বয়সত মৃত্যু ঘটে। দীৰ্ঘ সময় ধৰি অসুস্থ হৈ আছিল তেওঁ।

১৯৬৬ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে বেদীয়ে আৰম্ভ কৰিছিল আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ। ভাৰতৰ হৈ খেলিছিল প্ৰায় ১২ বছৰ। এই সময়ছোৱাত তেওঁ কেৱল বলিঙৰ বাবেই নহয়, অধিনায়ক হিচাপেও যথেষ্ট খ্যাতি অৰ্জন কৰিছিল।

৬৭ খন টেষ্ট মেচত তেওঁৰ নামত ২৬৬ টা উইকেট আছে। তেওঁ ২২ খন টেষ্ট মেচত ভাৰতীয় দলক নেতৃত্ব প্ৰদান কৰিছিল।

অভিলেখ সংখ্যক ১৫৬০টা উইকেটৰে প্ৰথম শ্ৰেণীৰ ক্ৰিকেট কেৰিয়াৰ সামৰিছিল বিষণ সিং বেদীয়ে।

জানো আহক বিষণ সিং বেদীৰ কিছু নজনা কথা

১৯৮৯-৯০ চনৰ কথা। নিউজিলেণ্ড ভ্ৰমণলৈ যোৱা ভাৰতীয় দলৰ মেনেজাৰ আছিল বেদী। সেই সময়ত ৰথমেন্স কাপত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল ভাৰতীয় দলটোৱে।

এই পৰাজয়ৰ পিছত ভাৰতীয় দলৰ ওপৰত খৰ্গহস্ত হৈ পৰিছিল বেদী। খঙতে তেওঁ কৈছিল যে সমগ্ৰ ভাৰতীয় দলটোক প্ৰশান্ত মহাসাগৰত উটুৱাই দিব লাগে। ১৯৯০ চনত ভাৰতীয় দলটো পুনৰ ভাৰতলৈ উভতি অহা সময়ত তেওঁ দলটোক সাগৰত পেলাই দিয়াৰো ভাবুকি দিছিল।

বেদীয়ে এবাৰ এটা সাক্ষাৎকাৰত কৈছিল যে তেওঁৰ বলিঙৰ শক্তি তেওঁৰ আঙুলি। তেওঁৰ আঙুলি শক্তিশালী তথা মজবুত কৰি তুলিবলৈ নিজৰ কাপোৰ নিজে ধুইছিল। ইয়াৰ ফলত তেওঁৰ আঙুলিবোৰত শক্তি আহিছিল আৰু বল ঘূৰাবলৈ সহজ হৈ পৰিছিল।

১৯৭৮ চনত বেদীৰ ক্ষোভ তথা খঙৰ বাবেই পাকিস্তানৰ সাহিৱালত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল টিম ইণ্ডিয়া। আচলতে খেলখনত জয়ী হ’বলৈ ভাৰতক প্ৰয়োজন আছিল ১৮টা বলত ২৩ ৰান আৰু বাকী আছিল ৮টা উইকেট।

এই মেচখনত পাকিস্তানৰ বেগী বলাৰ ছাৰফৰাজ নৱাজে একেৰাহে চাৰিটা বাউন্সাৰ বল কৰাৰ পিছতো আম্পায়াৰে কোনো ৱাইড দিয়া নাছিল। এই কথাত ক্ষুন্ন হৈ বেদীয়ে নিজৰ বেটছমেনসকলক খেলপথাৰ এৰিবলৈ নিৰ্দেশ দিয়ে। বেদীৰ এই সিদ্ধান্তৰ পিছতে পাকিস্তানে মেচখনত জয়লাভ কৰে।

এই সিদ্ধান্তৰ বাবে বেদী যথেষ্ট সমালোচনাৰো সন্মুখীন হৈছিল।

বিষণ সিং বেদীৰ দৰে খেলুৱৈ কঠোৰ পৰিশ্ৰম, নিষ্ঠা আৰু দৃঢ়তাৰ ফলতহে লাভ কৰে। তথ্য অনুসৰি, তেওঁ হোটেল বা ৰেষ্টুৰেণ্টত গৈ খাদ্য খোৱা মানুহ নাছিল, তেনে কোনো ব্যক্তিৰ লগতো তেওঁ নাথাকিছিল। তেওঁ কেৱল ঘৰত ৰন্ধা খাদ্যহে ভাল পাইছিল।

ঘৰুৱা ক্ৰিকেটৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল বেদীয়ে। মাত্ৰ ১৫ বছৰ বয়সত প্ৰথমবাৰৰ বাবে উত্তৰ পঞ্জাৱৰ হৈ খেলিছিল। ১৯৬৮–৬৯ চনত তেওঁ দিল্লীৰ হৈ খেলিবলৈ আৰম্ভ কৰে আৰু ১৯৭৪–৭৫ ৰঞ্জি ট্ৰফী ছিজনত ৬৪টা উইকেট দখলেৰে  অভিলেখ গঢ়ে।

Leave A Reply

Your email address will not be published.