IPL-ৰ পৰৱৰ্তী ছিজনত হালধীয়া জাৰ্ছিত দেখা পোৱা যাবনে ধোনীক? পোহৰলৈ আহিল ডাঙৰ খবৰ
২০২৩ চনত চেন্নাই ছুপাৰ কিংছক পঞ্চমবাৰৰ বাবে আই পি এল খিতাপ প্ৰদান কৰা এম এছ ধোনীয়ে পৰৱৰ্তী ছিজনত খেলিব নে নেখেলে সেই বিষয়ে ডাঙৰ খবৰ পোহৰলৈ আহিছে।
এটা অনুষ্ঠানৰ সময়ত এজন এংকৰে ধোনীক প্ৰাক্তন ক্ৰিকেটাৰ বুলি সম্বোধন কৰাৰ লগে লগে এংকৰজনক বাধা দি ধোনীয়ে কয় যে তেওঁ কেৱল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰাহে অৱসৰ লৈছে।
ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়কগৰাকীৰ এই মন্তব্যৰ পৰা একপ্ৰকাৰ নিশ্চিত হ’ব পাৰি যে ধোনীক পৰৱৰ্তী ছিজনত হালধীয়া জাৰ্ছিত দেখা পোৱা যাব।
উল্লেখ্য যে, আঁঠুৰ আঘাতৰ পিছতো যোৱা ছিজনত আই পি এলত অবিৰতভাৱে খেলা দেখা গৈছিল এম এছ ধোনীক। বেটছমেন হিচাপে ধোনীৰ প্ৰদৰ্শন উল্লেখণীয় নাছিল যদিও নেতৃত্বই মুহিছিল তেওঁৰ লাখ-লাখ অনুৰাগীক।
এনে পৰিস্থিতিত ধোনীয়ে আই পি এলৰ পৰৱৰ্তী ছিজন খেলিব নে নাই সেই লৈ জল্পনা-কল্পনা আৰম্ভ হৈছে। কিন্তু আই পি এলৰ পৰৱৰ্তী ছিজনৰ বাবে খেলুৱৈ নিলামৰ তাৰিখৰ দিন ধাৰ্য কৰাৰ লগে লগে এই কথাও নিশ্চিত হ’ল যে ধোনীয়ে অহা ছিজনত চেন্নাইৰ হৈ খেলুৱৈ হিচাপে প্ৰতিযোগিতাখনত অংশ ল’ব।
দেশৰ বিভিন্ন প্ৰান্তত থকা চি এছ কেৰ লাখ-লাখ অনুৰাগীসকল এই খবৰত যথেষ্ট উফুল্লিত হৈ পৰা দেখা যাব।
উল্লেখ্য যে, আই পি এল ২০২৩ৰ পিছতে এম এছ ধোনিৰ আঁঠুৰ অস্ত্ৰোপচাৰ হৈছিল। এনে পৰিস্থিতিত ধোনীয়ে কয় যে চিকিৎসকে তেওঁক জনাইছে যে চলিত বৰ্ষৰ নৱেম্বৰৰ ভিতৰত তেওঁ সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিব।
এই অনুষ্ঠানতে ধোনীয়ে এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয় যে মই বিচাৰো মানুহে মোক সদায় এজন ভাল খেলুৱৈ হিচাপে নহয় এজন ভাল মানুহ হিচাপে মনত ৰাখক।