চাৰিদিনত তৃতীয়বাৰৰ বাবে মুকেশ আম্বানীলৈ আহিল মৃত্যুৰ ভাবুকি; ২০, ২০০ আৰু এইবাৰ ৪০০ কোটি..
আজি অৰ্থাৎ ৩১ অক্টোবৰত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে পুনৰ এজন অচিনাকি দুৰ্বৃত্তৰ পৰা ভাবুকিপূৰ্ণ ইমেইল লাভ কৰিছে। মেইলটোৰ জৰিয়তে ৪০০ কোটি টকাৰ দাবী কৰিছে।
মঙলবাৰে আৰক্ষীয়ে এই তথ্য প্ৰদান কৰে। এজন বিষয়াই জনোৱা মতে, চাৰিদিনৰ ভিতৰত এয়া তৃতীয়টো ভাবুকিপূৰ্ণ ইমেইল প্ৰেৰণ কৰা হৈছে উদ্যোগপতিগৰাকীক।
উল্লেখ্য যে পূৰ্বৰ ইমেইলটোৰ কোনো সঁহাৰি নোপোৱাৰ বাবেই এতিয়া দুৰ্বৃত্তজনে মুকেশ আম্বানীৰ পৰা ৪০০ কোটি টকা দাবী কৰিছে।
তথ্য অনুসৰি ইয়াৰ পূৰ্বে শনিবাৰে আন এটা ভাবুকিপূৰ্ণ ইমেইল লাভ কৰিছিল, য’ত ২০০ কোটি টকাৰ দাবী কৰা হৈছিল। কিন্তু এইবাৰ দাবীৰ ধন দুগুণ কৰি পোনপটীয়াকৈ ইমেইল প্ৰেৰণ কৰিছে।
আনহাতে ২৭ অক্টোবৰ অৰ্থাত যোৱা শুকুৰবাৰে মুকেশ আম্বানীয়ে মৃত্যুৰ ভাবুকি আৰু ২০ কোটি টকাৰ দাবীৰে অচিনাকি ব্যক্তিৰ পৰা প্ৰথমটো ইমেইল লাভ কৰে। ইয়াৰ পিছত উদ্যোগপতিগৰাকীৰ নিৰাপত্তাৰক্ষী প্ৰভাৰীয়ে গামদেৱী থানাত এফআইআৰ দাখিল কৰিছিল।
এই ইমেইলটো ছাদাব খানৰ নামত এজন ব্যৱহাৰকাৰীয়ে প্ৰেৰণ কৰিছে। এই ভাবুকিপূৰ্ণ ইমেইলত লিখা আছিল যে ২০ কোটি টকা নিদিলে আমি আপোনাক মাৰি পেলাম। আমাৰ ওচৰত ভাৰতৰ শ্ৰেষ্ঠ শ্বুটাৰ আছে।
ইমেইলৰ জৰিয়তে ভাবুকি প্ৰেৰণ কৰা ব্যক্তিজনক বিচাৰি আৰক্ষীয়ে অভিযান চলাইছে।