১০ শতাংশ, ২০ শতাংশ .. নহয় । একেকোবে ১১০০ শতাংশ বৃদ্ধি দিল্লী বিশ্ববিদ্যালয়ৰ মাচুল ।
দিল্লী বিশ্ববিদ্যালয়ৰ পি এইচ ডি পাঠ্যক্রমৰ মাচুল বৃদ্ধিক কেন্দ্ৰ কৰি তীব্ৰ প্রতিবাদ ছাত্র সমাজৰ । জানিব পৰা মতে, দিল্লী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ পিএইচডি পাঠ্যক্রমৰ মাচুল ১১০০ শতাংশ বৃদ্ধি কৰিছে ।
ইংৰাজী বিভাগৰ পিএইচডি পাঠ্যক্ৰমৰ মাচুল যোৱা বছৰৰ ১৯৩২ টকাৰ পৰা ১১০০ শতাংশ বৃদ্ধি কৰাৰ পাছত পাঠ্যক্রমৰ মাচুলৰ পৰিমাণ ২৩,৯৬৮ টকালৈ বৃদ্ধি হয় । আনহাতে দিল্লী বিশ্ববিদ্যালয়ৰ আন সকলো বিভাগৰ পিএইচডি পাঠ্যক্রমৰ মাচুল প্ৰায় ৪৪০০ টকা।কেৱল ইংৰাজী বিষয়ৰ পিএইচডি পাঠ্যক্ৰমৰ বৰ্ধিত মাচুলক কেন্দ্ৰ কৰি ধাৰাবাহিকভাবে প্ৰতিবাদ সাব্যস্ত কৰিছে ছাত্র ফেডাৰছনে ।
দিল্লী বিশ্ববিদ্যালয়ৰ মাচুল বৃদ্ধিৰ বিৰোধিতা কৰি ছাত্ৰ সংগঠনে কয় যে , প্ৰশাসনে শিক্ষাৰ্থীসকলক মাচুল পৰিশোধ কৰিবলৈ পৰ্যাপ্ত সময় দিয়া নাই। মাত্র এদিনৰ সময়সীমাৰ ভিতৰত বৰ্দ্ধিত মাচুল পৰিশোধৰ নিৰ্দেশ দিছিল । এছএফআইয়ে শিক্ষাৰ্থী সকলৰ পৰা লোৱা বৰ্দ্ধিত মাচুল ঘূৰাই দিয়াৰ দাবী জনাইছে।