ISHAN NEWS – Always One Step Ahead of Time…

এদিনীয়া ক্ৰিকেট ইতিহাসৰ শীৰ্ষ ৫টা ৰান চেজ ইনিংছ, তালিকাত আছে মেক্সৱেল, বিৰাটৰ দৰে ক্ৰিকেটাৰ..

0 2,155

ভাৰতত চলি থকা এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ ৰোমাঞ্চ চৰম পৰ্যায়ত। বিশ্বকাপত এই পৰ্যন্ত খেলা প্ৰতিখন মেচ স্মৰণীয় হৈ ৰ’ব যদিও ক্ৰিকেট যে অনিশ্চয়তাৰ খেল মঙলবাৰে তাকেই প্ৰমাণ কৰি দেখুৱালে অষ্ট্ৰেলিয়াৰ বিস্ফোৰক বেটছমেন গ্লেন মেক্সৱেলে।

কালি এখন গুৰুত্বপূৰ্ণ মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মুখামুখি হৈছিল আফগানিস্তান। ২৯২ ৰানৰ লক্ষ্য পিছা কৰি মেক্সৱেলে ২০১ ৰানৰ এক ঐতিহাসিক ইনিংছ খেলে।

নিশ্চিত পৰাজয়ৰ গৰাহৰ পৰা অষ্ট্ৰেলিয়াক উদ্ধাৰ কৰি বিজয় লক্ষ্যত উপনীত কৰোৱা মেক্সৱেলৰ এই ইনিংছটো অনুৰাগীৰ হৃদয়ত প্ৰতিপল সজীৱ হৈ থাকিব।

ইফালে, এদিনীয়া ক্ৰিকেট ইতিহাসত ৰান চেজৰ দিশৰ পৰা এইটোৱেই আটাইতকৈ ডাঙৰ ইনিংছ।

মেক্সৱেলৰ পূৰ্বে এই অভিলেখ আছিল পাকিস্তানৰ ফখৰ জামানৰ নামত। তেওঁ ২০২১ চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৰান চেজ কৰি ১৯৩ ৰানৰ ইনিংছ খেলিছিল।

এই তালিকাৰ তৃতীয় স্থানত আছে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ শ্বেন ৱাটছন। তেওঁ ২০১১ চনত বাংলাদেশৰ বিৰুদ্ধে দ্বিতীয় ইনিংছত খেলিছিল ১৮৫ ৰানৰ ইনিংছ।

ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনী ২০০৫ চনৰ পৰা ২০১১ চনলৈ এই তালিকাৰ শীৰ্ষত আছিল। তেওঁ ২০০৫ চনত শ্ৰীলংকাৰ বিৰুদ্ধে ৰান চেজ কৰি ১৮৩ ৰানৰ অপৰাজিত ইনিংছ খেলিছিল।

এই তালিকাৰ পঞ্চম স্থানত আছে সাম্প্ৰতিক সময়ৰ শ্ৰেষ্ঠ এদিনীয়া বেটছমেন বিৰাট কোহলী। ভাৰতৰ এইগৰাকী বেটাৰে ২০১২ চনত পাকিস্তানৰ বিৰুদ্ধে দ্বিতীয় ইনিংছত খেলিছিল ১৮৩ ৰানৰ বিস্ফোৰক ইনিংছ। 

Leave A Reply

Your email address will not be published.