খেলপথাৰলৈ কেতিয়া ঘূৰি আহিব ঋষভ পন্ত? সৌৰভ গাংগুলীয়ে জনালে সবিশেষ…
আঘাতৰ বাবে দীৰ্ঘসময় ধৰি ক্ৰিকেটৰ পৰা আঁতৰি আছে ভাৰতীয় ক্ৰিকেটাৰ ঋষভ পন্ত। কিন্তু পন্তৰ আঘাত সন্দৰ্ভত আহিছে এক ডাঙৰ খবৰ। এই খবৰ দিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনাক সৌৰভ গাংগুলীয়ে।
পন্তে কেতিয়ালৈকে খেলপথাৰলৈ উভতি আহিব সেই সন্দৰ্ভত মন্তব্য কৰিছে প্ৰাক্তন অধিনায়কগৰাকীয়ে।
আই পি এল ২০২৪ৰ নিলামৰ পূৰ্বে দিল্লী কেপিটেলছৰ ৪ দিনীয়া শিৱিৰত অংশ ল’বলৈ কলকাতালৈ আহিছে ঋষভ পন্ত।
দিল্লী কেপিটেলছৰ সঞ্চালক সৌৰভ গাংগুলীয়ে এটা সংবাদ মাধ্যমৰ সৈতে হোৱা মত বিনিময়ৰ সময়ত পন্তৰ প্ৰত্যাৱৰ্তন সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।
তেওঁ কয় যে পন্ত বৰ্তমান আগতকৈ বহু পৰিমানে সুস্থ হৈ উঠিছে আৰু ২০২৪ আই পি এলত তেওঁক খেলপথাৰত দেখা পাম।
গাংগুলীয়ে কয়, ‘ঋষভ পন্তৰ অৱস্থা ভাল। অহা ছিজনৰ পৰা খেলিব। তেওঁ এতিয়া অনুশীলন নকৰে। ১১ নৱেম্বৰলৈকে তেওঁ আমাৰ লগত থাকিব। আগন্তুক নিলামৰ প্ৰতি লক্ষ্য ৰাখি আমি পণ্টৰ সৈতে দলটোৰ বিষয়ে আলোচনা কৰিছো কাৰণ তেওঁ দলৰ অধিনায়ক।‘
উল্লেখ্য যে, ২০২২ চনৰ ডিচেম্বৰ মাহত তেওঁ এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈছিল। মৃত্যুৰ মুখৰ পৰা উভতি অহা পন্তে আঁঠুৰ লগতে শৰীৰৰ বিভিন্ন অংশত বেয়াকৈ আঘাত পোৱাত ২ মাহ বিচনাত আছিল।
দীৰ্ঘদিনীয়া চিকিৎসাৰ পিছত চলিত বৰ্ষৰ জুন মাহত পন্তে বাংগালুৰুৰ নেশ্যনেল ক্ৰিকেট একাডেমীত ৰিহেব আৰম্ভ কৰে। অৱশ্যে আগষ্ট মাহত বেংগালুৰুত অনুষ্ঠিত এখন স্থানীয় খেলত বেটিং কৰা দেখা গৈছিল ঋষভ পন্তক।