ইজৰাইল-হামাছৰ যুদ্ধত প্ৰাণ হেৰুৱালে মন্ত্ৰীৰ পুত্ৰই
ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধৰ পৰা আহিছে এক ডাঙৰ খবৰ। হামাছৰ আক্ৰমণত ইজৰাইলৰ এগৰাকী মন্ত্ৰীৰ পুত্ৰৰ মৃত্যু ঘটিছে।
মন্ত্ৰী গদী আইজনকোটৰ পুত্ৰ গল মীৰ আইজনকোটৰ লগতে আন এজন সৈনিকৰো মৃত্যু ঘটিছে বুলি ইজৰাইলী সেনাই প্ৰকাশ কৰিছে।
ইজৰাইলী সেনাই জনোৱা মতে, মীৰ আইজনকোটৰ লগতে মৃত্যু হোৱা আনজন হৈছে মেজৰ জোনাথন ডেভিড ডিচ।
৫৫১ নং ব্ৰিগেডৰ ৬৯৯ নং বেটেলিয়নৰ হৈ সেৱা আগবঢ়াই থকা আইজনকোট উত্তৰ গাজাৰ হৰজিলিয়াত শ্বহীদ হয়। দুগৰাকী সৈনিক শ্বহীদ হোৱাৰ লগতে আন তিনিজন জোৱান গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়ত ভৰ্তি হৈ আছে।
গল মীৰ আইজনকোটৰ পিতৃ গদী আইজনকোটৰ আইডিএফৰ প্ৰাক্তন চীফ অফ ষ্টাফ আছিল আৰু বৰ্তমান নেতানিয়াহু নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ বেনী গেঞ্জ কোটাৰ পৰা মন্ত্ৰী। হামাছৰ বিৰুদ্ধে সিদ্ধান্ত গ্ৰহণকাৰী গোটৰ অংশও গদী আইজনকোট।
উত্তৰ গাজাৰ জাবালিয়া শিবিৰ পৰিদৰ্শন কৰিবলৈ যোৱা অৱস্থাত সুৰংগত সংঘটিত বিস্ফোৰণত নিহত হয় আইজনকোট।
উল্লেখ্য যে গাজাত স্থল যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা আজিলৈকে ৮৯ জন ইজৰাইলৰ সৈন্য নিহত হৈছে।