ISHAN NEWS – Always One Step Ahead of Time…

দক্ষিণ আফ্ৰিকাত এক বিশেষ অভিলেখ গঢ়িবলৈ সাজু বিৰাট কোহলী । ISHAN NEWS…

0 49

বৰ্তমান সুন্দৰ ফৰ্মত থকা ভাৰতীয় ক্ৰিকেট দলৰ নিৰ্ভৰযোগ্য বেটাৰ বিৰাট কোহলীয়ে দক্ষিণ আফ্ৰিকা ভ্ৰমণত এক বিশেষ অভিলেখ গঢ়িবলৈ সাজু হৈছে।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এই বিশেষ অভিলেখ গঢ়া তেওঁ বিশ্বৰ প্ৰথমগৰাকী খেলুৱৈত পৰিণত হ’ব।

ভাৰতৰ দক্ষিণ আফ্ৰিকা ভ্ৰমণ ১০ ডিচেম্বৰৰ পৰা আৰম্ভ হৈ ৭ জানুৱাৰিত অন্ত পৰিব। এই ভ্ৰমণচোৱাত ভাৰতে তিনিখন টি-২০, তিনিখন এদিনীয়া আৰু দুখন টেষ্ট মেচৰ শৃংখলা খেলিব।

এদিনীয়া আৰু টি-২০ শৃংখলাৰ পৰা তাৰকা বেটাৰ বিৰাট কোহলীক জিৰণি দিয়া হৈছে যদিও তেওঁ টেষ্ট শৃংখলাটোত প্ৰত্যাৱৰ্তন কৰিব।

যদি ২৬ ডিচেম্বৰৰ পৰা চেঞ্চুৰিয়ানৰ ছুপাৰ স্প’ৰ্টছ পাৰ্ক ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট মেচত বিৰাট কোহলীয়ে ৬৬ ৰান সংগ্ৰহ কৰে, তেন্তে চলিত বৰ্ষত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২০০০ ৰান সম্পূৰ্ণ কৰিব।

কেৱল এয়াই নহয়, বিৰাট কোহলীয়ে সপ্তমবাৰৰ বাবে এটা কেলেণ্ডাৰ বছৰত ২০০০ প্লাছ আন্তঃৰাষ্ট্ৰীয় ৰানৰ পৰিসংখ্যা স্পৰ্শ কৰা বিশ্বৰ প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হ’ব।

এতিয়ালৈকে বিৰাট কোহলীয়ে এটা কেলেণ্ডাৰ বৰ্ষত ৬ বাৰকৈ ২০০০ প্লাছ আন্তঃৰাষ্ট্ৰীয় ৰান সংগ্ৰহ কৰাৰ কৃতিত্ব কৰিছে। বৰ্তমান বিৰাট কোহলীয়ে শ্ৰীলংকাৰ প্ৰাক্তন বেটছমেন কুমাৰ ছাংগাকাৰাৰ সৈতে যৌথভাৱে এটা কেলেণ্ডাৰ বছৰত ৬ বাৰকৈ ২০০০ প্লাছ আন্তঃৰাষ্ট্ৰীয় ৰান সংগ্ৰহ কৰিছে।

এটা কেলেণ্ডাৰ বছৰত ২০০০+ ৰান কৰা বেটছমেন

১) কুমাৰ সাংগাকাৰা- ৬ বাৰ

২) বিৰাট কোহলী- ৬ বাৰ

৩) মহেলা জয়ৱৰ্ধনে – ৫ বাৰ

৪) শচীন তেণ্ডুলকাৰ – ৫ বাৰ

৫/ জেক কালিছ – ৪ বাৰ

৬) মেথিউ হেডেন – ৪ বাৰ

৭) ৰিকি পণ্টিং- ৪ বাৰ

৮) সৌৰভ গাংগুলী- ৪ বাৰ

Leave A Reply

Your email address will not be published.