ISHAN NEWS – Always One Step Ahead of Time…

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ শেহতীয়া মুদ্ৰানীতি । ISHAN NEWS

0 184

ভাৰতীয় ৰিজাৰ্ভ বেংকে একেৰাহে ৫ম বাৰৰ বাবে সলনি কৰা নাই সুদৰ হাৰ । RBI অপৰিৱৰ্তিত ৰাখিছে সুদৰ হাৰ। অৰ্থাৎ গ্ৰাহকৰ বাবে ব্যয়বহুল নহ’ব ঋণ আৰু বৃদ্ধি নহয়  EMI । RBI শেষবাৰৰ বাবে ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত ০.২৫%ৰ পৰা ৬.৫%লৈ হাৰ বৃদ্ধি কৰিছিল সুদৰ হাৰ ।

আজি অৰ্থাৎ শুকুৰবাৰে মুদ্ৰানীতি সন্দৰ্ভত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ বিষয়ে সদৰী কৰে আৰ বি আইৰ গৱৰ্ণৰ শক্তিকান্ত দাসে।

মুদ্ৰানীতি সমিতিয়ে গ্ৰহণ কৰিছে  ৩টা সিদ্ধান্ত :

ভাৰতৰ বিত্তীয় খণ্ডৰ বাবে ডাটা সুৰক্ষা আৰু গোপনীয়তা বৃদ্ধিৰ বাবে RBI ক্লাউড ফেচিলিটি স্থাপনৰ কাম আৰম্ভ কৰিছে ।

আৰ বি আইয়ে চিকিৎসালয় আৰু শিক্ষা সম্পৰ্কীয় পেমেণ্টৰ বাবে ইউ পি আই লেনদেনৰ সীমা প্ৰতি লেনদেনত ১ লাখ টকাৰ পৰা ৫ লাখ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰে।

ৰেপো ৰেট

মুদ্ৰাস্ফীতি যেতিয়া অতি বেছি হয় তেতিয়া RBI ৰেপো ৰেট বৃদ্ধি কৰি অৰ্থনীতিত ধনৰ প্ৰবাহ হ্ৰাস কৰাৰ চেষ্টা কৰে। যদি ৰেপো ৰেট বৃদ্ধি হয় তেন্তে আৰ বি আইৰ পৰা বেংকে লাভ কৰা ঋণ ব্যয়বহুল হয়।

মুদ্ৰাস্ফীতি আৰু জিডিপি

২৪ বিত্তীয় বৰ্ষত  ৬.৫%ৰ পৰা ৭%লৈ বৃদ্ধিৰ অনুমান কৰা হৈছে।

অক্টোবৰ মাহত দেশৰ খুচুৰা মুদ্ৰাস্ফীতি আছিল ৬.৮৩%

শাক-পাচলিৰ দাম হ্ৰাস পোৱাৰ বাবে অক্টোবৰ মাহত খুচুৰা মুদ্ৰাস্ফীতি ৪.৮৭%লৈ হ্ৰাস পায়।

ছেপ্টেম্বৰ মাহত ৫.০২% আছিল। একে সময়তে খাদ্য সামগ্ৰীৰ মুদ্ৰাস্ফীতি ৬.৬২%ৰ পৰা ৬.৬১%লৈ হ্ৰাস পায়।

পাইকাৰী মুদ্ৰাস্ফীতিৰ হাৰ  -০.৫২%

খাদ্য সামগ্ৰীৰ দাম হ্ৰাস পোৱাৰ মাজতে অক্টোবৰ মাহত ভাৰতৰ পাইকাৰী মুদ্ৰাস্ফীতিৰ হাৰ -০.৫২% লৈ হ্ৰাস হয়।

মুদ্ৰাস্ফীতিৰ প্ৰভাৱ

মুদ্ৰাস্ফীতি ক্ৰয় ক্ষমতাৰ লগত প্ৰত্যক্ষভাৱে জড়িত।, যদি মুদ্ৰাস্ফীতিৰ হাৰ ৭% হয়, তেন্তে উপাৰ্জিত ১০০ টকাৰ মূল্য হ’ব মাত্ৰ ৯৩ টকা। গতিকে মুদ্ৰাস্ফীতিৰ কথা মনত ৰাখিহে আমি বিনিয়োগ কৰা উচিত । নহলে আপোনাৰ টকাৰ মূল্য কমি যাব।

Leave A Reply

Your email address will not be published.