মংগল গ্ৰহত ৰভাৰ চলোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলাৰ কথাৰে । ishan news…
আমেৰিকাৰ মহাকাশ সংস্থা NASA ত কৰ্মৰত ড০ অক্ষতা কৃষ্ণমূৰ্তি মংগল গ্ৰহত ৰভাৰ চলোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হৈছে। নাছাৰ মংগল গ্ৰহ অভিযানৰ লগত জড়িত হৈ আছে ড০ অক্ষতা কৃষ্ণমূৰ্তি। নাছাৰ মংগল গ্ৰহ অভিযানৰ অধীনত নাছাৰ বিজ্ঞানীসকলৰ সৈতে NASAৰ পৰীক্ষাগাৰত মংগল গ্ৰহৰ নমুনা সংগ্ৰহৰ লগত ব্যস্ত আছিল অক্ষতা। NASAৰ এই অভিযানত অক্ষতাই ৰভাৰ চলাই ইতিহাস সৃষ্টি কৰে। এবছৰৰ আগতে নাছাৰ সৈতে কাম কৰাৰ সপোন লৈ আমেৰিকালৈ গৈছিল অক্ষতা। মংগল গ্ৰহত বিজ্ঞান আৰু ৰবটিক অপাৰেচনৰ নেতৃত্ব দিয়াৰ সপোন লৈ NASA লৈ গৈছিল অক্ষতা কৃষ্ণমূৰ্তি ।মাস্কাট ইনষ্টিটিউট অৱ টেকন’লজিৰ পৰা পি এইচ ডি সম্পূৰ্ণ কৰাৰ পাছত NASA লৈ নিৰ্বাচিত হয় ড০ অক্ষতা কৃষ্ণমূৰ্তি ।
অক্ষতাই কয় যে, NASAৰ ওচৰ চাপিবলৈ বহু অসুবিধাৰ সন্মুখীন হৈছিলো । কিছুমান মানুহৰ কথাই মোৰ মনোবল ভাঙি পেলাইছিল । ইয়াৰ পাছতো মই মোৰ সিদ্ধান্তত অটল আছিলো । কঠোৰ পৰিশ্ৰম, সাহস আৰু দৃঢ়তাৰ বাবে এতিয়া মই সেই স্থানত উপনীত হৈছো । অক্ষতাৰ মতে সপোন পূৰণৰ বাবে নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে । ভাৰতীয় মূলৰ আমেৰিকাৰ নাগৰিক সুনীতা উইলিয়ামছে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ছমাহ থাকি অভিলেখ গঢ়িবলৈ সক্ষম হোৱা প্ৰথমগৰাকী ভাৰতীয় মূলৰ মহিলা। নাছাৰ এইগৰাকী ভাৰতীয় মূলৰ মহাকাশচাৰীয়ে ২০০৬ চনৰ ৯ ডিচেম্বৰৰ পৰা ২০০৭ চনৰ ২২ জুনলৈকে ২৯ ঘণ্টা ১৭ মিনিটৰ চাৰিটা মহাকাশ ভ্ৰমণ সফলতাৰে সম্পন্ন কৰিছিল। ইয়াৰ পূৰ্বে ১৯৯৭ চনত ভাৰতৰ কল্পনা চাওলাই নাছাৰ কলম্বিয়া স্পেচ শ্বাটলত ১৫ দিন ১৬ ঘণ্টা মহাকাশত অতিবাহিত কৰিছিল।