এনেবোৰ লক্ষণ দেখিলে সাৱধান হওঁক! NCRB-এ দিছে উদ্বেগজনক তথ্য
কৰণা মহামাৰীৰ পাছত হঠাত্ বৃদ্ধি হৈছে আকস্মিক মৃত্যুৰ সংখ্যা। গান গাই থকা , নাচি থকা, জিম কৰি থকা সময়তে বহুলোকে আকস্মিকভাৱে মৃত্যুক সাৱটি লোৱা খবৰে দখল কৰি আহিছে সংবাদমাধ্যম। শেহতীয়াকৈ আকস্মিক মৃত্যু সন্দৰ্ভত National crime records bureau-এ প্ৰকাশ কৰিছে উদ্বেগজনক তথ্য। NCRBৰ তথ্য অনুসৰি ২০২১ চনৰ তুলনাত ২০২২ চনত প্ৰায় ১১.৬ শতাংশ বৃদ্ধি পাইছে আকস্মিক মৃত্যুৰ সংখ্যা। ২০২২ চনত আকস্মিকভাৱে মৃত্যুক সাৱটি লৈছে ৫৬,৬৫৩ জন লোকে। ইয়াৰে ভিতৰত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটিছে ৩২৪১০ জন লোকে। একে সময়তে, ২৪২৪৩ জন লোকৰ অন্যান্য কাৰণত আকস্মিকভাৱে মৃত্যু হৈছে। আকস্মিকভাৱে মৃত্যু হোৱা সৰ্বাধিক সংখ্যক লোকৰ বয়স ৪৫ ৰ পৰা ৬০ বছৰ। আনহাতে, মহাৰাষ্ট্ৰত আকস্মিকভাৱে মৃত্যু হোৱাৰ সংখ্যা সৰ্বাধিক।
স্বাস্থ্য বিশেষজ্ঞসকলে কেইবাটাও কাৰক চিনাক্ত কৰিছে যিয়ে হাৰ্ট এটেকৰ আশংকা বৃদ্ধি কৰে। যেনে অধিক ছডিয়ামযুক্ত আহাৰ, ব্যায়ামৰ অভাৱ, ধূমপান, অত্যধিক সুৰাপান, পৰিশ্ৰম নকৰা ইত্যাদি। একাংশ চিকিত্সা বিজ্ঞানীৰ মতে, উচ্চ হিমোগ্লোবিনৰ স্তৰে বৃদ্ধি কৰে হাৰ্ট এটেকৰ আশংকা।
হাৰ্ট এটেকৰ হোৱাৰ পূৰ্বে দেখা দিয়া লক্ষণসমূহ-
•হাৰ্ট এটেকৰ পূৰ্বে অস্থিৰতা অনুভৱ হয়
• বুকুৰ বিষ, অস্বস্তিকৰ চাপ, চেপি ধৰা অনুভৱ হয়
• বাহু, পিঠি, ডিঙি, কঁকাল বা পেটত বিষ হ’ব পাৰে
• উশাহ লোৱাত অসুবিধা
• অন্যান্য লক্ষণ যেনে গধুৰ ঘাম, ওকালি অহা বা মূৰ ঘূৰোৱা
কাৰ্ডিয়েক এৰেষ্টৰ লক্ষণ
• উশাহ লোৱাত অসুবিধা হয়
• বৰ দুৰ্বল অনুভৱ কৰে
• পালচ ব্ৰেক
• মূৰ্চ্ছা যাব পাৰে
• দ্ৰুতগতিত স্পন্দন অনুভৱ কৰা
• ঘাম ওলোৱা
উল্লেখ্য যে কিছুদিন পূৰ্বে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই কৰ’ণাত গম্ভীৰভাৱে আক্ৰান্ত লোকসকলক অত্যাধিক পৰিশ্ৰম নকৰিবলৈ আহ্বান জনাইছিল।