ISHAN NEWS – Always One Step Ahead of Time…

আদিত্য এল-১-ৰ বৃহৎ সফলতা। সূৰ্যৰ সম্পূৰ্ণ ডিস্ক ইমেজ মুকলি কৰিলে ইছৰোৱে   

0 223

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৰ সৌৰ অভিযান আদিত্য এল-১-এ বৃহৎ সফলতা লাভ কৰিছে। মহাকাশযানখনে এইবাৰ কেমেৰাত বন্দী কৰিলে সূৰ্য্যক ।যিটো আগতে সম্ভৱ হোৱা নাছিল। আদিত্যই  সূৰ্যৰ সম্পূৰ্ণ ডিস্ক ইমেজ বন্দী কৰিবলৈ সক্ষম হৈছে ।প্ৰকৃততে সূৰ্য্যটো দেখিবলৈ কেনেকুৱা সেইটো আদিত্যই তোলা ফটোত পোহৰলৈ আহিছে ।

আদিত্য এল-১ মিছনৰ জৰিয়তে ইছৰোৱে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ।মহাকাশযানখনে সূৰ্য্যৰ সমগ্ৰ মুখখন বন্দী কৰিছে কেমেৰাত । ছ’চিয়েল মিডিয়া হেণ্ডেলত ইছৰোৱে এই সম্পৰ্কীয় পোষ্টটো শ্বেয়াৰ কৰাৰ লগতে  সূৰ্য্যৰ কেইখনমান ফটোও মুকলি কৰিছে,  যি কেইখন ফটো তুলিছিল আদিত্যই।  ইয়াৰ উপৰিও ফটো কেইখনত সূৰ্য্যৰ আলোকমণ্ডল আৰু ক্ৰম’স্ফিয়াৰো  দেখিবলৈ পোৱা গৈছে।

এই ফটোসমূহ সৌৰ আল্ট্ৰাভায়লেট ইমেজিং টেলিস্কোপ আৰু আদিত্য এল-১ত স্থাপন কৰা  SUIT যন্ত্ৰৰ  দ্বাৰা বন্দী কৰা হৈছে। ইছৰোৰ মতে, SUIT এ এইবোৰ ২০০-৪০০ নেন’মিটাৰ তৰংগদৈৰ্ঘ্যৰ পৰিসৰত ধৰি ৰাখিছে। বহু ধৰণৰ বৈজ্ঞানিক ফিল্টাৰ ব্যৱহাৰ কৰি এই ফটোসমূহ বন্দী কৰা হৈছে। ফটো কেইখনত স্পষ্টকৈ দেখা গৈছে  সূৰ্য্যৰ ওপৰত থকা সূৰ্য্যৰ দাগ অৰ্থাত সৌৰ কলংক । ইছৰোৰ মতে আদিত্যই তোলা এই ফটোৰ সহায়ত বিজ্ঞানীসকলে সূৰ্যৰ পৃষ্ঠৰ চুম্বকীয় পৰিৱেশৰ বিষয়ে অধ্যয়ন কৰাত সহায়ক হব ।

২০ নৱেম্বৰত আদিত্য এল-১-ৰ  SUIT পেলোড সক্ৰিয় কৰা হৈছিল। ৬ ডিচেম্বৰত ই প্ৰথম প্ৰতিচ্ছবি বন্দী কৰে। ডিভাইচটোত ১১টা ভিন্ন ফিল্টাৰ ব্যৱহাৰ কৰি এই ফটোসমূহ তোলা হৈছে । আদিত্য-এল-১ হৈছে  ভাৰতৰ প্ৰথম মহাকাশ ভিত্তিক মানৱ নিৰীক্ষণ কেন্দ্ৰ।

Leave A Reply

Your email address will not be published.