ISHAN NEWS – Always One Step Ahead of Time…

শ্বাহৰুখ খান, অজয় দেৱগন, অক্ষয় কুমাৰৰ জীৱনলৈ বিপদ মাতিছে গুটখা বিজ্ঞাপনে!

0 143

জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খান, অজয় দেৱগন আৰু অক্ষয় কুমাৰৰ জীৱনলৈ বিপদ মাতিছে গুটখা বিজ্ঞাপনে। গুটখাৰ বিজ্ঞাপন কৰি পুনৰ আদালতৰ ৰোষত পৰিছে তিনিওগৰাকী ছুপাৰষ্টাৰ। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠৰ পৰা ছুপাৰষ্টাৰকেইগৰাকীলৈ আহিছে কাৰণ দৰ্শোৱাৰ জাননী। পানমচলাৰ বিজ্ঞাপনৰ ক্ষেত্ৰত শ্বাহৰুখ, অজয় আৰু অক্ষয় কুমাৰলৈ জাননী জাৰি কৰা হৈছে বুলি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠক অৱগত কৰিছে কেন্দ্ৰীয় চৰকাৰে। ২০২৪ চনৰ ৯ মে এই গোচৰত পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব আদালতে। উল্লেখ্য ২০২২ চনৰ ১৫ অক্টোবৰত তদন্তৰ নিৰ্দেশ দিছিল আদালতে।নিৰ্দেশৰ পাছতো তদন্ত নোহোৱাত আদালতে মুখ্য আয়ুক্ত, উপভোক্তা সংৰক্ষণ বিভাগক অৱমাননা কৰা বুলি প্ৰেৰণ কৰিছিল জাননী।১৬ অক্টোবৰত কেন্দ্ৰৰ তৰফৰ পৰা জনোৱা হয় যে শ্বাহৰুখ খান, অজয় দেৱগন আৰু অক্ষয় কুমাৰক কাৰণ দৰ্শোৱাৰ বাবে প্ৰেৰণ কৰা হৈছে জাননী।

Leave A Reply

Your email address will not be published.