বিশ্বকাপ খেলিবলৈ নোপোৱা ৱেষ্ট ইণ্ডিজৰ চমক । ৰচিলে ইতিহাস! ishan news…
এসময়ত ক্ৰিকেট জগতত অজেয় হিচাপে বিবেচিত হৈছিল ৱেষ্ট ইণ্ডিজ । কিন্তু সময়ৰ সোতত সেই শক্তিশালী দলৰ টেগ যেন হেৰুৱাই পেলাইছিল ৱেষ্ট ইণ্ডিজ দলটোৱে । সময় ইমানেই বেয়া আহিছিল যে ২০২৩ বৰ্ষৰ বিশ্বকাপ খেলিবলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিছিল দলটোৱে ।
বহু বছৰৰ অন্তত এতিয়া যেন পুনৰ গৰজিবলৈ আৰম্ভ কৰিছে দলটোৱে । প্ৰায় ১৫ বছৰৰ অন্তত ঘৰুৱা মাটিত ইংলেণ্ডক পৰাস্ত কৰি শৃংখলা দখল কৰিলে ৱেষ্ট ইণ্ডিজ দলটোৱে ।
৩ খন এদিনীয়া শৃংখলাৰ, শেষৰখন নিৰ্ণায়ক মেচত ইংলেণ্ডক ৪ টা উইকেটত পৰাস্ত কৰিলে ৱেষ্ট ইণ্ডিজে । এই জয়ৰ পাছতে যেন এক সূৰ্যোদয় ঘটিছে দলটোত ।
১৯৯৮ চনৰ পাছত প্ৰথমবাৰৰ বাবে ঘৰুৱা দৰ্শকৰ সন্মুখত এদিনীয়া শৃংখলাত ইংলেণ্ডক পৰাস্ত কৰিলে ৱেষ্ট ইণ্ডিজে । ২-১ ব্যৱধানত শৃংখলা জয় কৰিলে ৱেষ্ট ইণ্ডিজ দলটোৱে ।
১১ জনীয়া দলত ওশেন থমাছৰ স্থান লোৱা ফৰ্ডে অধিনায়ক শ্বাই হোপৰ সিদ্ধান্তক সঠিক প্ৰমাণিত কৰে। ফৰ্ডে দুৰ্দান্ত বলিঙেৰে ধাৰাশায়ী কৰে ইংলেণ্ডৰ শীৰ্ষ বেটছমেনক ।
ফিল চল্ট, জেক ক্ৰাউলি আৰু উইল জেকছৰ উইকেট দখল কৰে ফৰ্ডে । এই খেলুৱৈসকলে ইংলেণ্ডৰ হৈ অন্তিমখন খেলত সুন্দৰ বেটিং কৰিছিল। নিৰ্ণায়ক মেচখনত মেথিউ ফৰ্ডে ৪৫ ৰাণ দি তিনিটা উইকেট দখল কৰে । আৰু ৱেষ্ট ইণ্ডিজ দলটোক ভবিষ্যতে অধিক শক্তিশালী হৈ আগবাঢ়ি যোৱাৰ উতসাহ প্ৰদান কৰে ।