ISHAN NEWS – Always One Step Ahead of Time…

‘বিগ বি’ৰ পৰিয়ালত দিনক দিনে বৃদ্ধি পাইছে মতানৈক্য । ishan news

0 238

বিগ বিৰ পৰিয়ালৰ মাজৰ মতানৈক্য দিনক দিনে বৃদ্ধি পাইছে । পূৰ্বৰ মিছ ইউনিভাৰ্ছ তথা বচ্চন পৰিয়ালৰ বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চনে অকলশৰে  ৫০ সংখ্যক জন্মদিন  পালন কৰে। ঐশ্বৰ্য ৰায়ৰ  একমাত্ৰ কন্যা আৰাধ্যা বচ্চন আৰু মাতৃ বৃন্দা ৰায়ৰ সৈতে জন্মদিন উদযাপন কৰে। স্বামী অভিষেক বচ্চন বা বচ্চন পৰিয়ালৰ আন কোনো সদস্যক সেইদিনা ঐশ্বৰ্যৰ জন্মদিনত উপস্থিত নাছিল । জুনিয়ৰ বচ্চনে ছ’চিয়েল মিডিয়া পেজত HAPPY BIRTHDAY   বুলি লিখি পত্নী ঐশ্বৰ্য ৰায়ৰ এখন কলা বগা ছবিৰে জন্মদিনৰ শুভেচ্ছা জনায়। কিছুদিন আগৰ  এটা অনুষ্ঠানত অভিষেক বচ্চনৰ হাতত নাছিল বিয়াৰ আঙুঠিটো। ইয়াৰ পাছতে খবৰ আহিছি অমিতাভ বচ্চনে নিজেই ঐশ্বৰ্যক ছচিয়েল মিডিয়াত আনফ’ল’ কৰিছে! এইবাৰ ‘বিগ বি’য়ে নিজৰ ব্লগত নিজৰ ক্ষোভ প্ৰকাশ কৰিছে।

শেহতীয়াকৈ অমিতাভে নিজৰ ব্লগত তেওঁ বিৰক্ত আৰু হতাশ হৈ পৰাৰ কথা উল্লেখ কৰিছে। কাৰ ওপৰত বিগ বিৰ ইমান খং আৰু ক্ষোভ ।বিগ বিৰ ক্ষোভৰ আঁৰত কোনো পৰিয়ালৰ সদস্য বা পৰিয়ালৰ সদস্য নেকি ! অমিতাভ বচ্চনে লিখিছে, “ব্লগত এখন ছবি আপলোড কৰিবলৈ সময় লাগে.. সঁচাকৈয়ে ভাগৰুৱা হৈ পৰিছো!” ‘কৌন বনেগা কৌৰৰপতি’ৰ শ্বুটিঙৰ ব্যস্ততাৰ মাজতে তেওঁ ব্লগ লিখিবলৈ আৰু পোষ্ট কৰিবলৈ সময় পোৱা নাই বুলিও কয় বিগ বিয়ে । ‘বিগ বি’য়েও ইমান দিন নিয়মিতভাৱে ব্লগত লিখিব নোৱাৰাৰ বাবে ক্ষমা বিচাৰে।

অমিতাভৰ ইনষ্টাগ্ৰাম প্ৰফাইল চালে আপুনি  দেখিব বিগ বিয়ে  আৰু ঐশ্বৰ্যক ফ’ল’ কৰা নাই। একাংশ নেটিজেনে দাবী কৰে যে অমিতাভ আৰু ঐশ্বৰ্যই কেতিয়াও ইনষ্টাগ্ৰামত ইজনে সিজনক ফ’ল’ কৰা নাছিল। গতিকে আনফ’ল’ কৰাৰ কোনো প্ৰশ্নই উত্থাপন নহয়।

Leave A Reply

Your email address will not be published.