ISHAN NEWS – Always One Step Ahead of Time…

১৮ ডিচেম্বৰৰ পাছত বন্ধ হৈ যাব পাৰে আপোনাৰ বেংক একাউণ্ট। শীঘ্ৰেই কৰক এই কাম। ishan news…

0 274

বেংক একাউণ্টৰ গৰাকীলৈ জৰুৰী খবৰ। ১৮ ডিচেম্বৰৰ পাছত বন্ধ হৈ যাব পাৰে আপোনাৰ বেংক একাউণ্ট। যিসকল লোকৰ পাঞ্জাৱ নেচনেল বেংকত একাউণ্ট আছে তেওঁলোকলৈ অতি জৰুৰী। গ্ৰাহকসকললৈ পাঞ্জাৱ নেচনেল বেংকৰ জৰুৰী নিৰ্দেশনা। ১৮ ডিচেম্বৰৰ পূৰ্বে পাঞ্জাৱ নেচনেল বেংকৰ গ্ৰাহকসকলে KYC আপডেট কৰিব লাগিব। অন্যথা বন্ধ হৈ যাব একাউণ্টটো।

ishan news

পিএনবিয়ে কৈছে যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা অনুসৰি, সকলো গ্ৰাহকে কেৱাইচি আপডেট কৰাটো বাধ্যতামূলক। যদি আপোনাৰ একাউণ্ট ৩০ ছেপ্টেম্বৰ ২০২৩ৰ পৰা কেৱাইচি কৰা নাই,  তেন্তে আপুনি অহা ১৮ ডিচেম্বৰৰ পূৰ্বে  PNB ONE/ বা ইণ্টাৰনেট বেংকিং সেৱা (আইবিএছ)/পঞ্জীভুক্ত ই-মেইল/পোষ্টৰ জৰিয়তে বা বেংকলৈ গৈ আপোনাৰ তথ্যসমূহ আপডেট কৰিব লাগিব। গ্ৰাহকসকলে কেৱাইচিৰ বাবে পৰিচয় পত্ৰ, ঠিকনা প্ৰমাণ, শেহতীয়াকৈ ফটো তোলা, পেন, উপাৰ্জন প্ৰমাণ, ম’বাইল নম্বৰ আদি প্ৰদান কৰিব লাগিব।

আপুনি অনলাইন বা অফলাইন দুয়োটা মাধ্যমেৰে KYC আপডেট কৰিব পাৰে। গ্ৰাহকসকলে আই.বি.এছ./পি.এন.বি. ৱানৰ জৰিয়তে অনলাইন মাধ্যমত KYC আপডেট কৰিব পাৰে।

Leave A Reply

Your email address will not be published.