ISHAN NEWS – Always One Step Ahead of Time…

ইজৰাইল আৰু আমেৰিকাৰ সম্পৰ্কত ফাঁট! যুদ্ধ বন্ধ কৰিবলৈ আমেৰিকাই দিয়া প্ৰস্তাৱ নামানিলে ইজৰাইলে । ishan news…

0 137

যুদ্ধ চলি থকাৰ মাজতে ইজৰাইল আৰু আমেৰিকাৰ সম্পৰ্কত ফাঁট! এটা প্ৰস্তাৱক কেন্দ্ৰ কৰি আমেৰিকা আৰু ইজৰাইলৰ মাজত আৰম্ভ হৈছে মতবিৰোধ। আমেৰিকাই এটি প্ৰস্তাৱৰ জৰিয়তে অতি শীঘ্ৰেই গাজাৰ ওপৰত আক্ৰমণ বন্ধ কৰিবলৈ পৰামৰ্শ দিছিল ইজৰাইলক। আমেৰিকাৰ এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিলে ইজৰাইলে। ইয়াকে লৈ মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ মাজত সৃষ্টি হৈছে মতবিৰোধ।

উল্লেখ্য আমেৰিকাই গাজাত যুদ্ধবিৰতিৰ বাবে ইজৰাইলক হেঁচা প্ৰয়োগ কৰি আছে। যুদ্ধ সমাপ্ত কৰি শান্তিৰ পৰিৱেশ বৰ্তাই ৰাখিবলৈ আমেৰিকাৰ শীৰ্ষ বিষয়াই আহ্বান জনাইছে ইজৰাইলৰ প্ৰধানমন্ত্ৰীক। গাজাত থকা লোকসকলৰ সুৰক্ষা ব্যৱস্থাত গুৰুত্ব দিবলৈ আহ্বান জনাইছে আমেৰিকাই। ইফালে আমেৰিকাৰ এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি ইজৰাইলে কয় যে গাজাত হামাছক নিঃশেষ নকৰা পৰ্যন্ত আক্ৰমণ অব্যাহত থাকিব। ইজৰাইলী সৈন্যৰ বলিদান বৃথা হ’বলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি দিলে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইয়োভ গেলেণ্টে। ইয়াৰ পাছতেই ইজৰাইলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’ব পাৰে আমেৰিকাই।

উল্লেখ্য হামাছে যোৱা ৭ অক্টোবৰত হাজাৰ হাজাৰ মিছাইলে ইজৰাইলত চলাইছিল আক্ৰমণ। ইজৰাইল-হামাছৰ আক্ৰমণ-প্ৰত্যাক্ৰমণত এতিয়ালৈ ১৮ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে। ইজৰাইলৰ আক্ৰমণত ধ্বংসস্তুপত পৰিণত হৈছে গাজা। লাখ লাখ লোকে গাজা এৰি আশ্ৰয় লৈছে অন্য স্থানত। ইজৰাইলৰ আক্ৰমণত মানৱীয় সংকটৰ সৃষ্টি হৈছে গাজাত। বিশ্বৰ কেইবাখনো দেশে ইজৰাইলক আক্ৰমণ বন্ধ কৰিবলৈ আহ্বান জনাইছে।

Leave A Reply

Your email address will not be published.