ISHAN NEWS – Always One Step Ahead of Time…

কংগ্ৰেছৰ প্ৰাক্তন বিধায়কক গুলীয়াই হত্যা

0 184

অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ এখন গাঁৱত ৰাজ্যখনৰ এজন প্ৰাক্তন বিধায়কক সন্দেহযুক্ত উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰে। স্থানীয় প্ৰশাসনে এই তথ্য প্ৰদান কৰে।

ম্যানমাৰ সীমান্তৰ সমীপৱৰ্তী ৰাহো গাঁৱৰ সমীপত পুৱা প্ৰায় ৩ বজাত সংঘটিত হয় এই ঘটনা।

টিৰাপ আৰক্ষী অধীক্ষক ৰাহুল গুপ্তাই কয় যে কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক য়ামচেম মেটে আৰু তেওঁৰ তিনিজন সমৰ্থক ব্যক্তিগত কামত গাঁওখনলৈ গৈছিল। ইয়াৰ পিছত কোনো লোকে অজুহাতত তেওঁক হাবিলৈ লৈ গৈ গুলীয়াই হত্যা কৰে।

আৰক্ষীয়ে দোষীক বিচাৰি আৰম্ভ কৰিছে অভিযান। প্ৰতিৰক্ষা সূত্ৰই হত্যাকাণ্ডত এন এছ চি এন-কে ৱাই এ জড়িত থকাৰ ইংগিত দিলেও উগ্ৰপন্থীজনৰ পৰিচয় সন্দৰ্ভত কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে।

উল্লেখ্য যে, ২০০৯ চনত কংগ্ৰেছৰ টিকটত খংচা পশ্চিম বিধান সভা সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হৈছিল মেটে। ২০১৫ চনত তেওঁ বিজেপিত যোগদান কৰিছিল আৰু ২০২৪ চনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল।

ৰাজনীতিত যোগদান কৰাৰ পূৰ্বে তেওঁ চাংলাং জিলাত জিলা প্ৰাপ্তবয়স্ক শিক্ষা বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

Leave A Reply

Your email address will not be published.