ISHAN NEWS – Always One Step Ahead of Time…

আমেৰিকাই পেলেষ্টাইনক গতাব গাজা! আমেৰিকাৰ সিদ্ধান্তৰ পাছতে ক্ষোভত ফাটিছে ইজৰাইল

0 133

ইজৰাইল আৰু হামাছৰ যুদ্ধৰ পিছত কি হ’ব  গাজাৰ?  কোনে শাসন কৰিব  গাজাত?  ইয়াকে লৈ বিশ্ববাসীৰ মাজত কৌতুহল। আক্ৰমণ-প্ৰত্যাক্ৰমণ অব্যাহত থকাৰ মাজতে গাজাক লৈ আমেৰিকাৰ নতুন পৰিকল্পনা!যুদ্ধৰ পিছত গাজাৰ ক্ষমতা পেলেষ্টাইনক গতাবলৈ প্ৰস্তুতি চলাইছে আমেৰিকাই। আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক ছুলিভান তেল আভিভৰ লগতে পেলেষ্টাইনত উপস্থিত হোৱাৰ পাছতেই পোহৰলৈ আহিছে এই তথ্য। অৱশ্যে আমেৰিকাৰ এই পৰিকল্পনা  মানি লব পৰা নাই ইজৰাইলে। জ’ বাইডেন চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু। নেতানিয়াহুকে ধৰি ইজৰাইলৰ কেবিনেটে বাইডেনলৈ এই সিদ্ধান্তৰ বিৰোধিতাৰে লিখিছে পত্ৰ। ইয়াৰ পাছতেই ভৱিষ্যতে যাতে গাজাক লৈ ইজৰাইল প্ৰশাসনৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব পাৰি তাৰে বাবে ইজৰাইলী সেনাৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি আৰম্ভ কৰিছে আমেৰিকাই।

আনহাতে, জেক চুলিভানে পেলেষ্টাইনৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি স্পষ্ট কৰি দিছে যে যুদ্ধৰ পিছত গাজাৰ পৰা ৱেষ্ট বেংকলৈ পেলেষ্টাইনৰ চৰকাৰেই শাসন কৰিব। পেলেষ্টাইনৰ প্ৰশাসনযন্ত্ৰক শক্তিশালী কৰাৰো আমেৰিকাই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। ইয়াৰ বাবে আমেৰিকাই ৩৫০০ পেলেষ্টাইনী আৰক্ষীক প্ৰশিক্ষণ দিব।

Leave A Reply

Your email address will not be published.