ISHAN NEWS – Always One Step Ahead of Time…

চান্দাপাৰ্টী কংগ্ৰেছ! কাইলৈৰ পৰা কংগ্ৰেছৰ চান্দা সংগ্ৰহ অভিযান। ১৩৮ টকা, ১,৩৮০ টকা, ১৩,৮০০ টকা বা তাতকৈ ১০ গুণ অধিক ধন চান্দা হিচাপে লব কংগ্ৰেছে।

0 126

আৰ্থিক সংকটত ভুগিছে নেকি কংগ্ৰেছ?  লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশজুৰি চান্দা সংগ্ৰহ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দেশৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দলটোৱে। কাইলৈৰ পৰা অনলাইনযোগে দলটোৱে দেশৰ বাবে দান শীৰ্ষক চান্দা সংগ্ৰহ অভিযান আৰম্ভ কৰিব। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে এই অভিযান মুকলি কৰিব। কংগ্ৰেছ নেতা কে চি বেণুগোপাল আৰু দলৰ কোষাধ্যক্ষ অজয় মাকেনে শনিবাৰে দলৰ মুখ্য কাৰ্যালয়ত এই সন্দৰ্ভত তথ্য প্ৰদান কৰে। তেওঁ কয় যে ১৮ বছৰৰ অধিক বয়সৰ ভাৰতীয়সকলে এই অভিযানৰ জৰিয়তে ১৩৮ টকা, ১,৩৮০ টকা, ১৩,৮০০ টকা বা তাতকৈ ১০ গুণ অধিক ধন দান কৰিব পাৰে। ‘কংগ্ৰেছক এখন উন্নত দেশৰ বাবে আপোনাক প্ৰয়োজন, ভাৰতক আপোনাৰ প্ৰয়োজন’ শীৰ্ষক টেগলাইনেৰে এই অভিযান আৰম্ভ কৰিব দলটোৱে।

কংগ্ৰেছৰ এই চান্দা সংগ্ৰহ অভিযানক লৈ বিজেপিৰ কটাক্ষ। ৬০ বছৰ দেশবাসীক লুটা দলটোৱে এইবাৰ দেশবাসীৰ পৰা অনুদান বিচাৰিছে বুলি সমালোচনা কৰিছে বিজেপিয়ে। গান্ধী পৰিয়ালক সমৃদ্ধ কৰিবলৈ কংগ্ৰেছৰ এই অভিযান বুলিও গুৰুতৰ অভিযোগ তুলিছে বিজেপিয়ে।

Leave A Reply

Your email address will not be published.