চিমেণ্ট ভৰ্তি বাহনৰ সৈতে আন দুখন বাহনৰ ভয়ংকৰ সংঘৰ্ষ; ৪ জন লোকৰ মৃত্যু
ৰাজস্থানৰ আলৱাৰ জিলাত চিমেণ্ট ভৰ্তি ট্ৰলীৰ সৈতে এখন বলেৰ’ আৰু এখন বাইকৰ মাজত ভয়ংকৰ সংঘৰ্ষ হয়। এই দুৰ্ঘটনাৰ পিছত তিনিওখন বাহন ৩০ ফুট দ খাৱৈত পৰাত ৪ জন লোকৰ মৃত্যু হয়।
ইফালে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা দুজন লোক চিকিৎসাধীন হৈ আছে।
আলৱাৰ জিলাৰ শিৱদয়াল বিজয় মন্দিৰ থানা এলেকাৰ অন্তৰ্গত আলৱাৰ-বেহৰোড় পথৰ জিন্দোলি উপত্যকাৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।
দুৰ্ঘটনাটোত বিদ্যুৎ বিভাগৰ সুৰেন্দ্ৰ কুমাৰ অৰোৰা, টেকনিচিয়ান নাটৱাৰ, ৰবীন্দ্ৰ শৰ্মা আৰু চালক বাবুলালৰ মৃত্যু হয়। আনহাতে ৰাজেশ গুৰজাৰ আৰু মগন চান্দ মীনা নামৰ দুজন লোক আহত হয়।
আলৱাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক তেজপাল সিঙে জনোৱা মতে, এজন বাইক আৰোহীক বচাবলৈ গৈ আলৱাৰ-বেহৰোড় পথত চিমেণ্টভৰ্তি ট্ৰলীখন গাঁত এটাত সোমাই যায়। ইয়াৰ পিছতে ট্ৰলীখনে নিয়ন্ত্ৰণ হেৰুৱাই বলেৰ’ আৰু বাইকখনৰ ওপৰত বাগৰি পৰে। তিনিওখন বাহন ৩০ ফুট দ খাৱৈত পৰি যোৱাত বলেৰ’ বাহনখনত থকা ৫ জনৰ ভিতৰত ৪ জন লোকৰ মৃত্যু হয়।
এজন বাইক আৰোহীও আহত হৈছে। ঘটনাৰ পিছতে ট্ৰলীখনৰ চালক ঘটনাস্থলৰ পৰা পলায়ন কৰে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।