বিশ্বকাপত চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়োৱা মহম্মদ ছামীলৈ অৰ্জুন বঁটা
২০২৩ বৰ্ষত বলিঙেৰে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়োৱা ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ ছামীলৈ অৰ্জুন বঁটা প্ৰদান কৰা হৈছে। সদস্যসমাপ্ত বিশ্বকাপত দেখুওৱা দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে ছামীলৈ আগবঢ়োৱা হৈছে এই সন্মান।
চলিত বছৰত অৰ্জুন বঁটা পোৱা ২৬ গৰাকী এথলীটৰ ভিতৰত একমাত্ৰ ক্ৰিকেটাৰ হৈছে মহম্মদ ছামী।
ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ ক্ৰীড়া সন্মান হৈছে অৰ্জুন বঁটা। ক্ৰীড়া আৰু খেলত দেখুওৱা অসাধাৰণ প্ৰদৰ্শনৰ বাবে প্ৰদান কৰা হয় এই বঁটা।
উল্লেখ্য যে, ভাৰতত অলপতে অনুষ্ঠিত হৈ যোৱা এদিনীয়া বিশ্বকাপৰ মাত্ৰ সাতখন মেচতে মহম্মদ ছামীয়ে ২৪টা উইকেট দল কৰিছিল। প্ৰতিযোগিতাখনৰ সৰ্বাধিক উইকেট দখলকাৰী ছামীয়ে প্ৰতিযোগিতাখনত লাভ কৰিছিল শ্ৰেষ্ঠ বলাৰৰ সন্মান।
ছামীৰ এই অসাধাৰণ প্ৰদৰ্শনৰ বাবে বি চি চি আইয়ে অৰ্জুন বঁটাৰ বাবে ক্ৰীড়া মন্ত্ৰালয়লৈ ছামীৰ নাম প্ৰেৰণ কৰিছিল।