পেলনীয়া বাঁহ-বেতৰ সামগ্ৰীৰে ঘৰতে সাজি উলিয়ালে দমকল। ishan news…
শাৰীৰিকভাৱে বিশেষ অক্ষম যুৱক দ্বীপজ্যোতি নাথৰ হাতৰ চমক। দ্বীপজ্যোতি নাথৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বাঁহ-বেতৰ ঘৰুৱা সামগ্ৰী। দ্বীপজ্যোতি নাথৰ শোৱনী কোঠাত ভৰি পৰিছে ইটোৰ পিছত সিটো প্ৰয়োজনীয় সামগ্ৰী।
গোগামুখৰ ১নং চেলাজান গাঁৱৰ হিতেশ্বৰ নাথ আৰু লক্ষীমাই নাথৰ সন্তান দ্বীপজ্যোতি নাথ। দ্বীপজ্যোতি নাথে পেলনীয়া বাঁহ-বেতৰ সামগ্ৰীৰে ঘৰতে সাজি উলিয়ালে দমকল। তাৰ উপৰিও দ্বীপজ্যোতি নাথে দৈনিক কোনো আনুষ্ঠানিক প্ৰশিক্ষণ গ্ৰহণ নকৰাকৈ ঘৰতে তৈয়াৰ কৰি উলিয়াইছে বাঁহৰ ঘড়ী, বিভিন্ন প্ৰকাৰৰ বাহঁৰ ফুলদানী, চেণ্ডেল, চকী, টেবুল, ছাতি, চালনী, কেৰাহি, চ’ফা, বেগ, বিভিন্ন আৰ্হিৰ ঘৰ, ঢেঁকী, গিতাৰ, কেঁচী, চশমা, গহনা, কাকৈ, যঁতৰ, নাঙল, মৈ, খোৰ, যুঁৱলীৰ লগতে বহুতো ঘৰুৱা প্ৰয়োজনীয় সামগ্ৰী।
ক’বলৈ গ’লে বাঁহ বেতৰ শিল্পৰে দ্বীপজ্যোতি নাথৰ কৰ্মমুখী যাত্ৰা। দ্বীপজ্যোতি নাথৰ পিতৃ-মাতৃয়ে খেতি কৰি পৰিয়াল পোহপাল দি আহিছে। সৰুতে দ্বীপজ্যোতি নাথ জটিল ৰোগত আক্ৰান্ত হৈ শ্ৰৱন শক্তি আৰু মাত হেৰুৱাই পেলাইছিল। উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ দ্বীপজ্যোতি নাথ। জটিল ৰোগত আক্ৰান্ত হোৱাৰ লগতে আৰ্থিক অসুবিধা হোৱাৰ বাবে পঢ়া আধাতে সামৰি ল’বলগীয়া হৈছিল।
দ্বীপজ্যোতি নাথক এতিয়া বহুতো সামগ্ৰীৰ প্ৰয়োজন হৈ পৰিছে। কিন্তু পিতৃয়ে দ্বীপজ্যোতি নাথক সামগ্ৰী যোগান ধৰিব পৰা নাই । সেয়েহে দ্বীপজ্যোতি নাথক এতিয়া কিছু সামগ্ৰী কিনিবৰ বাবে অলপ আৰ্থিক সাহায্যৰ প্ৰয়োজন। যাৰ বাবে ধেমাজি বিধানসভা সমষ্টিৰ বিধায়ক তথা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ পৰা সহায় বিচাৰিছে দ্বীপজ্যোতিয়ে।
চৌষষ্ঠি কলাৰ এটা হ’ল বাঁহ-বেত বা আন তৃণৰে আচবাব নিৰ্মাণ বা নতুন আচবাব-পত্ৰৰ উদ্ভাৱন। অসমখনত পৰম্পৰাগতভাৱে ব্যৱহাৰৰ সঁজুলিসমূহ বাঁহ-বেতেৰে নিৰ্মাণ কৰাৰ পৰম্পৰা তাহানিৰে পৰা চলি আছে। কিন্তু এই পৰম্পৰাকে এক মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈছে গোগামুখৰ এইজন উদীয়মান যুৱক দ্বীপজ্যোতি নাথে। মূলত বাঁহ-বেতৰ জৰিয়তে নিজৰ সু-নিপুণ হাতৰ পৰশেৰে নিতৌ ন ন সৃষ্টি কৰি যাবলৈ সক্ষম হৈছে দ্বীপজ্যোতি নাথে | আৰ্থিক দৈন্যতাৰ সৈতে যুঁজিব লগা হৈছে দ্বীপজ্যোতিয়ে । শৈশৱৰ পৰাই এনেদৰে ঘাট-প্ৰতিঘাটৰ মাজেৰে পাৰ কৰিয়েই তেওঁ গঢ় দি আহিছে ন ন সামগ্ৰী।